১৫২জন এল এল এম পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ল’লে ৯মাহতকৈ অধিক সময়

১৫২জন এল এল এম পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ল’লে ৯মাহতকৈ অধিক সময়

নটা মাহৰো অধিক সময়ৰ অন্তত আজি ২১ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে আইনৰ স্নাতকোত্তৰ শাখা(এল এল এম)ৰ ফলাফল ।

১৫২ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত উৰ্ত্তীণ হয় ১১৪ জন পৰীক্ষাৰ্থী ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সপ্তৰ্ষি প্ৰসাদ সিনহা, প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান এন ই এফ আইন মহাবিদ্যালয়ৰ প্ৰাঞ্জল কলিতা আৰু প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ উৎপল শৰ্মাই ।

উল্লেখ্য যে মাত্ৰ ১৫২ জন শিক্ষাৰ্থীৰ ফলাফল দিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে সময় ৯ মাহতকৈ অধিক সময় লোৱা কাণ্ডই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এইবছৰ কেৱল কভিড ১৯ বুলিয়ে নহয় প্ৰতিবাৰেই ফলাফল ঘোষণাত কৰা এনে বিলম্বৰ বাবে বহু শিক্ষাৰ্থীয়ে বিভিন্ন সুযোগ হেৰুৱাব লগা হোৱাৰ অভিযোগ উত্থাপন হয় ৷

GTM Desk

Related