গেলেকী ডাকঘৰৰ পৰা লাখে লাখে টকা হৰলুকি হোৱাৰ অভিযোগ

গেলেকী ডাকঘৰৰ পৰা লাখে লাখে টকা হৰলুকি হোৱাৰ অভিযোগ

অভিযোগ কৰিছে ডাকঘৰৰ অধীনস্থ বিভিন্ন গ্ৰাহকে ।।

গেলেকীৰ ডাকঘৰটোৰ এজন নিৰ্মল শইকীয়া নামৰ পিয়নজনে কৌশলগত ভাৱে এই সমগ্ৰ টকা আত্মহাত কৰাৰ অভিযোগ উঠিছে ।।

ইজনৰ পিছত সিজন গ্ৰাহকে গেলেকী থানাত দাখিল কৰিছে এজাহাৰ ।।

দৈনিক এই হৰলুকি হোৱাৰ টকাৰ পৰিমাণ বাঢ়ি গৈ আছে

কাৰণ এই খবৰ বিয়পি পৰাৰ লগে লগে ইজনৰ পিছত সিজন গ্ৰাহকে নিজৰ পাছবুক আপডেট কৰিছে গেলেকী ডাকঘৰত ।।

আপডেট কৰাৰ লগে লগে একাংশ গ্ৰাহকৰ পাছবুকত ওলাইছে ভয়ংকৰ বিসংগতি ।।

এতিয়া এনেদৰে গ্ৰাহকে ভীৰ কৰিছেহি গেলেকী ডাকঘৰত

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Shahnawaz Hamza