টীয়কৰ অন্যতম শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠ টীয়কে আজি পূৰ্বৰ দৰে জুলাই মাহৰ পহিলা তাৰিখে গ্ৰীষ্ম বন্ধৰ প্ৰাকক্ষণত প্ৰীতি সন্মিলন ও ন্যাস বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে।এই লৈ বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাসৰ সভাপতিত্বত আয়োজিত সভাত নিম্ন প্ৰাথমিক শাখাত সৰ্বোচ্চ নম্বৰ প্ৰাপক দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান বৰুৱাক ইন্দ্ৰেশ্বৰ বৰা সোঁৱৰণী ন্যাস বঁটা,উচ্চ প্ৰাথমিক শাখাত সৰ্বোচ্চ নম্বৰ প্ৰাপক নৱম শ্ৰেণীৰ ছাত্ৰী নিশা বৰাক ৰত্নেশ্বৰ বৰুৱা সোঁৱৰণী ন্যাস বঁটা,হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপক অৰিণী ভড়ালীক পূৰ্ণকান্ত বৰুৱা ন্যাস বঁটা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা অৰিণী ভড়ালীক দীনেশ কোঁৱৰ ন্যাস বঁটা আনুষ্ঠানিকভাৱে দাতা পৰিয়ালৰ উপস্থিতিত প্ৰদান কৰা হয়।উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে।
2023-07-02