শিলসাঁকো বিলত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ…

শিলসাঁকো বিলত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ…

মহানগৰীৰ শিলসাঁকো বিলত আজি এটি দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে। জানিব পৰা মতে, শিলসাঁকোৰ জলাশয়ৰ পৰা উদ্ধাৰ হোৱা কাছটো একাংশ লোকে খোৱাৰ উদ্দেশ্যে নিয়াৰ সময়তে প্ৰকৃতিপ্ৰেমী প্ৰতাপ মজুমদাৰক খবৰ দিয়ে স্থানীয় এচাম সচেতন যুৱকে। খবৰ পোৱা মাত্ৰে প্ৰকৃতিপ্ৰেমীগৰাকী উপস্থিত হৈ বন বিভাগৰ সহযোগত কাছটো উদ্ধাৰ কৰে। পিছত মহানগৰীৰ যোৰপুখুৰীত এৰি দিয়ে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে। জানিব পৰা মতে, কাছটোৰ ওজন প্ৰায় ৫ কিলোগ্ৰাম হব।

Shahnawaz Hamza

Related