গুৱাহাটী বিশ্ববিদ্যালয়: ঋতুস্ৰাৱৰ বাবে ছাত্ৰীলৈ মাহেকীয়া ছুটীৰ ব্যৱস্থা
গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে ঋতুস্ৰাৱৰ সময়ত মাহেকীয়া ছুটীৰ ব্যৱস্থা কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তত বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে ৷উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে 9 নৱেম্বৰত জাৰি কৰা নিদেৰ্শনা অনুযায়ী শিক্ষা মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় (এমডব্লিউচিডি) ৰ নিৰ্দেশনা অনুসৰি পত্ৰ নং. F.O. 17-8/2023/U. 5 তাৰিখ 16.08.2023 অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদত অনুমোদন সাপেক্ষে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিভাগসমূহৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত মহাবিদ্যালয়সমূহৰ বাবে নিম্নতম শ্ৰেণী উপস্থিতিৰ ক্ষেত্ৰত মাহেকীয়া ছুটী হিচাপে মহিলা শিক্ষাৰ্থীসকলৰ বাবে 2 শতাংশ ৰেহাইৰ অনুমতি প্ৰদান কৰিছে ৷ সেয়েহে ষাণ্মাসিক পৰীক্ষাত বহিবলৈ ছাত্ৰী সকলৰ বাবে নিম্নতম শ্ৰেণী উপস্থিতি হ ব 73 শতাংশ ৷লক্ষণীয় যে ষাণ্মাসিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সকলো শিক্ষাৰ্থীৰ বাবে নিম্নতম শ্ৰেণী উপস্থিতি 75 শতাংশ নিৰ্ধাৰণ কৰা আছে ৷ কিন্তু এতিয়াৰ পৰা ষাণ্মাসিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ মহিলা শিক্ষাৰ্থীসকলৰ বাবে নিম্নতম শ্ৰেণী উপস্থিতি হ ব 73 শতাংশ ৷ উল্লেখ্য যে এনেধৰণৰ সিদ্ধান্ত অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল ৷ এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় দ্বিতীয় ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমানজিৎ ডেকাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত আদৰণীয় ৷ এই পদক্ষেপ অসমৰ আন শিক্ষানুষ্ঠানসমূহে অনুসৰণ কৰা উচিত ৷ তেওঁ কয় যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷ ইয়াৰ তৎকালীন সঁহাৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিছে ৷তেওঁ কয় যে, এয়া যথেষ্ট ইতিবাচক কথা ৷ ইফালে বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত 5,000 ছাত্ৰ-ছাত্ৰী আছে ৷ ইয়াৰে 75 শতাংশ ছাত্ৰী ৷ আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত 340 খন কলেজ আছে ৷ ইয়াত প্ৰায় 9 লাখ ছাত্ৰ-ছাত্ৰী আছে ৷ ইয়াৰে 70 শতাংশই ছাত্ৰী ৷