আজি গুৱাহাটীত হাইভল্টেজ IPL মেচ

আজি গুৱাহাটীত হাইভল্টেজ IPL মেচ

আজি গুৱাহাটীত হাইভল্টেজ মেচ ৷ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ত সন্ধিয়া ৭.৩০ বজাত পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ ৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু লোকেল বয় ৰিয়াণ পৰাগৰ ৰাজকীয় ইংগিছ চাবলৈ সকলো আগ্ৰহী হৈ আছে ৷

উল্লেখ্য যে,মেচৰ পূৰ্বে বৰ্ষাপাৰাত হ’ব বিশেষ সাংস্কৃতিক অনুষ্ঠান ৷ খেলৰ মাজভাগত হ’ব আকর্ষণীয় লেজাৰ শ্ব’৷

আনহাতে খেল উপভোগ কৰিবলগীয়া দৰ্শকৰ বাবে ষ্টেডিয়ামত প্ৰৱেশৰ বাবে কেতবোৰ নিৰ্দেশনা দিছে এ চিএ ৷ ২নং গে’টেৰে সোমাবলগীয়া দৰ্শক সকলে একে আজাদ পথৰে প্ৰৱেশ কৰিব ৷ একেদৰে ৩নং গেটৰে সোমাবলগীয়া দর্শকসকলে আৰ জি বৰুৱা ৰোড হৈ প্ৰৱেশ কৰিব ৷

৪নং গেটৰ দৰ্শকে ৰোলিং মিল পথৰে সোমাব পাৰিব ৷ ৫নং গেটৰ দৰ্শকে ভূপেন হাজৰিকা পথেদি , ৬নং গেটৰ দৰ্শকে ভূপেন হাজৰিকা পথেদি সোমাব পাৰিব আৰু ৭নং গেটৰ দৰ্শকে ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব বর্ষাপাৰা পথেদি ৷

ইপিনে, আইপিএলৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীয়েহ বিশেষ নির্দেশনা জাৰি কৰিছে যান- বাহন চালক সকলক ৷ সেই অনুসৰি

জিএছ ৰোড, বিকে কাকতি ৰোড,একেআজাদ ৰোড একে দেব ৰোড, কুল বসুমতাৰী ৰোড, এফএ ৰোড, ঢপলিয়া ৰোড বিষ্ণুপুৰ ৰোড, এমজি ৰোড, এ,টি ৰোড, আৰএমচিৰোড, জিএনবি ৰোড, কাহিলিপাৰা ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল ৷ একেদৰে তিনিচকীয়া বাহনৰে সামগ্ৰী কঢ়িওৱা বাহনৰো চলাচল বন্ধ থাকিব উল্লিখিত পথ সমূহত ৷ আজি আৰু ১৯ মে’ৰ বিয়লি ৩ বজাৰ পৰা নিশা ১২ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব ৷

অৱশ্যে জৰুৰীকালীন যান-বাহন আৰু এম্বুলেন্সৰ চলাচল পূৰ্বৰ দৰে অব্যাহত থাকিব বুলি জানিব দিয়ে মহানগৰ ট্ৰেফিক আৰক্ষীৰ উপায়ুক্তই ৷

GTM Desk