মহানগৰীৰ ধাৰাপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ ধাৰাপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

বৰষুণ দি থকাৰ সময়ত ধাৰাপুৰ চাৰিআলিত এই অগ্নিকাণ্ড ।। অগ্নিকাণ্ডৰ সূত্ৰপাত কিহৰ বাবে হৈছে জানিব পৰা হোৱা নাই ।। এই অগ্নিকাণ্ডৰ ফলত বহু কেইখন দোকান জুইত জাহ যায় ।। দোকান সমূহত আছিল মূল্যৱান সামগ্ৰী , সকলো জ্বলি যায় ।। ধাৰাপুৰৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰি জুই নুমাব চেষ্টা কৰি থকা অৱস্থাত অগ্নিনিৰ্বাপক বাহিনী আৰু আজাৰা আৰক্ষীক খবৰ দিয়ে ।। অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন , আজাৰা আৰক্ষী আৰু স্থানীয় লোকৰৰ তৎপৰতাত ধাৰাপুৰ চাৰিআলিত উপস্থিত হৈ জুই নুমাব সক্ষম হয় ।। এই ভয়ংকৰ অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই যদিও কিছু কেইখন দোকান জুইত জাহ যায় ।। তাৰে ভিতৰত সম্পূৰ্ণ ভাবে অগ্নিকাণ্ডত জাহ যায় অৰূপ বৰুৱাৰ চাহ দোকান আৰু মন্তু কলিতা দোকান।। কিন্তু এই অগ্নিকাণ্ডৰ সূত্ৰপাত কিহৰ বাবে হৈছে সঠিক তদন্তৰ দাবী কৰিছে আটাইতকৈ ক্ষতিগষ্ট হোৱা দোকানৰ স্বতাধিকাৰ মন্তু কলিতাই ।।

আজাৰাৰ পৰা অভিজিত কলিতা

GTM Desk