গুৱাহাটীত যুৱতীক পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত দুৰ্বৃত্তৰ…

গুৱাহাটীত যুৱতীক পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত দুৰ্বৃত্তৰ…

গুৱাহাটীৰ লাষ্টগে’টত দুৰ্বৃত্তই ছুৰিকাঘাত কৰা যুৱতীগৰাকীৰ মৃত্যু। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে। আজি পুৱাৰ ভাগতে লাষ্টগে’টৰ নাহৰণি পথত দুৰ্বৃত্তৰ ছুৰিৰে আক্ৰমণ কৰিছিল যুৱতীগৰাকীক। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত।

মৃত যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ। বয়স ২৮ বছৰ। যুৱতীগৰাকীৰ পিতৃৰ নাম প্ৰফুল্ল গগৈ বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত কৰিছিল দুৰ্বৃত্তই। এখন ছুইফ্ট ডিজায়াৰ বাহনত অহা দুৰ্বৃত্তই যুৱতীগৰাকীক আক্ৰমণ কৰিয়ে পলায়ন কৰে। নাহৰণি পথৰ ১৪নং ঘৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা।

যুৱতীগৰাকীয়ে ৰেপিড’ৰ বাবে ৰৈ আছিল পথৰ দাঁতিত। সেই সময়তে এখন ছুইফ্ট ডিজায়াৰ বাহন আহি যুৱতীগৰাকীৰ কাষত ৰয়। বাহনখনৰ পৰা দুৰ্বৃত্তই ওলাই আহিয়ে যুৱতীগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ পিছতে বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই।

জানিব পৰা মতে, স্বাস্থ্যৰ বিভাগৰ কৰ্মচাৰী আছিল যুৱতীগৰাকী। পিতৃ এগৰাকী আৰক্ষী বিষয়া। যুৱতীগৰাকীৰ প্ৰকৃত ঘৰ মৰাণত। গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত এমাহ ধৰি ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী।

Desk GT News

Desk GT News