মহানগৰীৰ VIP ৰোডত চাঞ্চল্যকৰ ঘটনা…..
পুৱাৰে পৰা ভাড়াঘৰৰ দুৱাৰ খোলা নাছিল যুৱতীগৰাকীয়ে, ৰিচিভ কৰা নাছিল ঘৰৰ মানুহৰ ফোন, নিশা আত্মীয়ই দুৱাৰ খুলি দেখিলে শিহৰণকাৰী দৃশ্য!
মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ। গুৱাহাটীৰ চচলৰ ত্ৰিবেণী পথৰ এটা ভাৰাঘৰত এই ঘটনা। মৃত যুৱতীগৰাকী ঢকুৱাখনাৰ পাৰুলমণি পেগু বুলি জানিব পৰা গৈছে।
৩ মাহ ধৰি উক্ত ঘৰটোত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী। এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল পাৰুলমণি।
ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যুৱতীগৰাকী। সোমবাৰে পুৱাৰ ভাগৰ পৰা ভাড়াঘৰৰ দুৱাৰ খোলা নাছিল যুৱতীগৰাকীয়ে।
ঘৰৰ মানুহে ফোনত যোগাযোগ কৰিও পোৱা নাছিল পাৰুলমণিক। নিশা যুৱতীগৰাকীৰ আত্মীয়ই ভাড়াঘৰত উপস্থিত হৈ চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে পাৰুলমণি পেগু।
অভিযোগ অনুসৰি, এজন বিবাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিল মৃত যুৱতীগৰাকী। কিছুদিনৰ পূৰ্বে যুৱতীগৰাকীয়ে গম পাইছিল প্ৰেমৰ সম্পৰ্কত থকা লোকজন বিবাহিত বুলি। তাৰ পাছৰে পৰা মানসিক অশান্তিত ভুগি আছিল যুৱতীগৰাকী। ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাৰ তদন্ত।