নৱগ্ৰহ মন্দিৰ, নৱগ্ৰহ শ্মশানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই প্ৰকল্প

নৱগ্ৰহ মন্দিৰ, নৱগ্ৰহ শ্মশানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই প্ৰকল্প

শনিবাৰে চিত্ৰাচল পাহাৰত অৱস্থিত ঐতিহাসিক মন্দিৰটো পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী শৰ্মাই মন্দিৰটো পৰিদৰ্শন কৰি ঘোষণা কৰিলে আঁচনি ৷ উন্নত হ’ব নৱগ্ৰহ মন্দিৰলৈ অহা শিলপুখুৰী পথ ৷ শিলপুখুৰীৰ পথৰ দুইকাষে থাকিব উন্নত ৰেলিং ৷ মন্দিৰটোৰ ভক্ত দৰ্শনাৰ্থীৰ আকৰ্ষণ বঢ়োৱা অন্যতম প্ৰাণী বান্দৰ ৷ বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে মন্দিৰত সঘনে সংঘটিত হৈছে অঘটন ৷ এনে অঘটন ৰোধৰ বাবে চিত্ৰালয় পাহাৰত আণ্ডাৰগ্ৰাউণ্ড হ’ব বিদ্যুৎ পৰিবাহী তাঁৰ ৷ ঐতিহাসিক নৱগ্ৰহ মন্দিৰ পৰিদৰ্শৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে নৱগ্ৰহ শ্মশান ৷ মৃতকৰ শেষস্থান স্বৰূপ নৱগ্ৰহ শ্মশান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ ৪ কোটি টকাৰ প্ৰকল্প ঘোষণা ৷

উল্লেখ্য যে এই প্ৰকল্পৰ জড়িয়তে পূৰ্বৰ ৫ৰ পৰিবৰ্তে ৭লৈ বৃদ্ধি পাব চিতাৰ সংখ্যা ৷ মৃতক ৰাখিব পৰা স্থানত বৰষুণ নপৰাকে ধৰি শ্মশানৰ দেৱাল, ড্ৰেইনৰ কামত ব্যৱহাৰ হ’ব চৰকাৰী এই ধন ৷ এনেদৰে শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ দুই স্থান পৰিদৰ্শন কৰি দুই স্থানৰ আগবঢ়াই প্ৰতিশ্ৰুতি ৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শন স্থলীৰ পৰা আগন্তুক দিনত মহানগৰীৰ হ’ব লগা কেইবাটাও প্ৰকল্প সন্দৰ্ভতো মন্তব্য ৷ য’ত গুৱাহাটী নতুনকৈ নিৰ্মাণ হব ৰবীন্দ্ৰ ভৱন, জিলা পুথিভড়াল, নেহৰু ষ্টেডিয়াম ৷ মুখ্যমন্ত্ৰী শৰ্মাই কৰা এই ঘোষণাসমূহ কাৰ্য্যকৰী হলে নিশ্চয় ন ৰূপত দেখিব পোৱা যাব গুৱাহাটীৰ কেইবাটাও অঞ্চল ৷

GTM Desk