৩০জুলাইত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত মুকলি হ’ব অসম বিধান সভাৰ নৱনিৰ্মিত ভৱন

৩০জুলাইত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত মুকলি হ’ব অসম বিধান সভাৰ নৱনিৰ্মিত ভৱন

বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে সজোৱা হৈছে বিধানসভাৰ ভিতৰচ’ৰা ৷ ভৱিষ্যতে অসমৰ সকলো লোকসংস্কৃতিক বিধানসভাত তুলি ধৰাৰ চিন্তা চৰ্চা ৷
ঐতিহ্য আৰু অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটিব বিধানসভাৰ নতুন প্ৰকল্পত ৷ শুকুৰবাৰে বাথৌ পূজা কৰি দেওবাৰে নতুন ভৱন মুকলি কৰিবলৈ সাজু এতিয়া বিধানসভা কৰ্তৃপক্ষ ৷ শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ সময়তে জনতা ভৱনৰ কাষতে থকা ভৱনতে চলিছিল অসম বিধানসভাৰ কাম কাজ । প্রায় ৫০ বছৰ, ইতিহাসে যেন পুনৰ ৰিঙিয়াইহে মাতিছে ৷ ৰাজ্য চৰকাৰে পুৰণি অসম বিধানসভাৰ নতুন ভৱনটোক নতুন ৰূপ দি পুনৰ ব্যৱহাৰ কৰাৰ বাবে আগবাঢ়িছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেওবাৰে মুকলি কৰিব নতুন ভৱনটো ৷ উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ অপেক্ষা মাথো ৩০জুলাইলৈ ৷ “সম্পুৰ্ণ সাজু আমি ৷ দেওবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়াৰ উপস্থিতিত মুকলি হ’ব বহু আকাংক্ষিত নতুন ভৱনটো ৷” —ডাঃ নোমল মমিন, উপাধ্যক্ষ অসম বিধানসভা

GTM Desk