গুৱাহাটীত কনিষ্ঠ ভাতৃক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে

গুৱাহাটীত কনিষ্ঠ ভাতৃক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে

গুৱাহাটীত পুনৰ সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। কনিষ্ঠ ভাতৃক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে। মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হয় এই হত্যাকাণ্ড। হত্যাৰ বলি হোৱা যুৱকজনৰ নাম সুনীল ৰায়। আনহাতে হত্যাকাৰী জ্যেষ্ঠ ভাতৃৰ নাম হীৰালাল ৰায়। ধনৰ লেনদেনক লৈ দুয়োৰে মাজত সৃষ্টি হৈছিল সংঘাত। এই সংঘাতৰ পৰিণতিতেই সংঘটিত হয় এই ভয়ানক কাণ্ড। হীৰালাল ৰায়ে কনিষ্ঠ ভাতৃক শিলেৰে উপৰ্যুপৰি আক্রমণ কৰে। ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে সুনীল ৰায়ক জি এম চি এইছলৈ নিয়ে যদিও চিকিৎসালয়ত সুনীল ৰায়ক মৃত ঘোষণা কৰে চিকিৎসকে। উল্লেখ্য বৰ্তমানলৈ হত্যাকাৰী ভাতৃক গ্রেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

Shahnawaz Hamza

Related