বৰমাক, বৰদেউতাকৰ নিৰ্যাতন সহিব নোৱাৰি যুৱতীৰ আত্মহত্যা !

বৰমাক, বৰদেউতাকৰ নিৰ্যাতন সহিব নোৱাৰি যুৱতীৰ আত্মহত্যা !

গুৱাহাটী মহানগৰীত পুনৰ এগৰাকীয় যুৱতীয়ে আত্মহত্যাৰ পথ বাচি লোৱা ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ লালমাটি অঞ্চলত।

অভিযোগ অনুসৰি আত্মহত্যাৰ পথ বাচি লোৱা যুৱতীগৰাকীয়ে শাৰীৰিক, মানসিক অশান্তিৰ বাবেই এই ঘটনা সংঘটিত কৰিলে। স্থানীয় লোকৰ মতে বৰমাক আৰু বৰদেউতাকে যুৱতীগৰাকীক প্ৰায়ে চলাই আহিছিল নিৰ্যাতন।

যোৱা নিশাও পূৰ্বৰ দৰেই যুৱতীগৰাকীক বৰমাক আৰু বৰদেউতাকে মাৰপিট কৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে। আনহাতে যুৱতীগৰাকীৰ ওপৰত চলা এই নিৰ্যাতনৰ আঁৰত সম্পত্তি বুলিও উল্লেখ কৰিছে আন একাংশই।

আত্মহত্যা কৰা যুৱতীগৰাকীৰ নামত পাঠশালাত সা-সম্পত্তি আছে। সেয়ে সেই সম্পত্তিৰ বাবেই তেওঁৰ ওপৰত বিভিন্ন প্ৰকাৰে নিৰ্যাতন চলি আহিছিল। বশিষ্ঠ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোপেছ মেধিক আটক কৰিছে।

GTM Desk

Related