সাতগাঁও ৰে’ল লাইনৰ সমীপত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক

সাতগাঁও ৰে’ল লাইনৰ সমীপত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক

সাতগাঁও আৰক্ষী আৰু ১২৮ নং CRPFৰ এটা দলে সাতগাঁও ৰে’ল লাইনৰ সমীপত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাকাৰীকেইটা পাথৰকুৱাৰীৰ যোগ তিমুং, বৰপেটা কলগাছিয়াৰ নুৰুল ইছলাম ওৰফে বাবুল ,গোৱালপাৰাৰ চফিকুল ইছলাম, সাতগাঁৱৰ দীপ জ্যোতি পাটোৱাৰী। সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু ৪টাকৈ ম’বাইল ফোন।

GTM Desk

Related