বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ; গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধৰ ঘোষণা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ

বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ; গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধৰ ঘোষণা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ

মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী দ্ৰুতগতিত বৃদ্ধি পোৱাত মহানগৰীৰ লাচিতঘাট সম্প্ৰতি পানীৰ তলত। বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত শেহতীয়াকৈ ব্যাহত হৈ পৰিছে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম।

আনকি নিৰ্মাণস্থানত জলমগ্ন হৈ পৰাত পানীৰ মাজত আবদ্ধ হয় ছিংলা কনষ্ট্ৰাকচনৰ কেইবাখনো ট্ৰাক।

আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ইতিমধ্যে গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা নিৰ্দিষ্ট কাললৈ কাৰ্যকৰী হোৱাকৈ আভ্যন্তৰীণ জলপৰিবহন বিভাগ বন্ধ ঘোষণা কৰিছে৷ ৷

flood 2হঠাতে ফেৰী সেৱা বন্ধ ঘোষণা কৰাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হয় দুয়োপাৰৰ যাত্ৰী সকল ৷ যাত্ৰীসকলে বিকল্প হিচাপে বাছ সেৱাৰ দাবী কৰে ৷

ইপিনে ,ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰে বুৰাই পেলাইছে লাচিত ঘাট ৷ যি গতিত জলস্তৰ বৃদ্ধি পাইছে সেইয়া যদি অপৰিৱৰ্তিত হৈ থাকে তেন্তে যিকোনো সময়ত ফাঁচীবজাৰৰ এ,টি ৰোড বুৰাই যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

আনহাতে লুইতৰ পানী দ্ৰুতগতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকামৰ ব্যৱহ্ত সামগ্ৰী পানীত বুৰ যোৱাৰ আশংকা কৰি মহানগৰ প্ৰশাসনে সাজু কৰি ৰাখিছে এছডিআৰএফ বাহিনী।

GTM Desk