দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মুকলি হোৱাৰ পথত মালিগাঁও উৰণ সেতু

দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মুকলি হোৱাৰ পথত মালিগাঁও উৰণ সেতু

নিৰ্মাণ সম্পূৰ্ণ উঠিছে মালিগাঁও উৰণ সেতুৰ। দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মুকলি হোৱাৰ পথত উৰণ সেতুখন ৷ কাইলৈ অৰ্থাৎ 30 আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন মুকলি কৰিব ৷ সন্ধিয়া 5 বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণ সেতুখন মুকলি কৰিব ৷

উল্লেখ্য যে 2021 চনত মালিগাঁও উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ৷ দুবছৰ ধৰি নিৰ্মাণ কাৰ্যৰ অন্তত মুকলি হ’বলগীয়া উৰণ সেতুখন নিৰ্মাণৰ বাবদ 420 কোটি টকা ব্যয়‌ কৰা‌ হৈছে ৷ উৰণ সেতুখনৰ দৈৰ্ঘ্য 2.6 কিলোমিটাৰ ৷ উৰণ সেতুখন গুৱাহাটীৰ ভিতৰতে অন্যতম দীঘলীয়া সেতু ৷

GTM Desk