যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

মহানগৰীৰ উপকন্ঠ যোৰাবাট আৰক্ষীয়ে শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ মাজতে আঠমাইল গণেশ মন্দিৰৰ সমীপত আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰী ৷

ধৃত সৰবৰাহকাৰীটোৰ পৰা প্ৰায় ১৯ গ্ৰাম নিষিদ্ধ ঘোষিত হেৰ’ইন জব্দ কৰে ৷ তিনিটা চাবোনৰ বাকচত মেঘালয়ৰ পৰা গুৱাহাটী মহানগৰীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যৰে লৈ আনিছিল সৰবৰাহকাৰীটোৱে ৷

ধৃত সৰবৰাহকাৰীটোৰ নাম আচিফ আলি ওৰফে মিন্টু ৷ ঘৰ মহানগৰীৰ বিৰুবাৰীত। ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা কৰিছে ৷

GTM Desk

Related