মাৰপিট কৰাৰ লগতে দেহত গৰম ইস্ত্রি লগাই দিছিল শিশুটিৰ। খাবলৈ নিদিয়াকৈ বান্ধি ৰখাৰ দৰে অকথ্য নিৰ্যাতনো চলাইছিল শিশুটিৰ ওপৰত।
পুনৰ মহানগৰীত শিশু নিৰ্যাতনৰ ঘটনা। ড০ চাবিনা লাংথাছা নামৰ এগৰাকী প্ৰফেছৰে বনকৰা শিশু হিচাপে ৰাখিছিল ১০ বছৰীয়া কন্যা শিশুটিক। মহানগৰীৰ ভগদত্তপুৰৰ পিয়া এক্স’টিকা নামৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ শিশুটিক। শিশুটিৰ ঘৰ উমৰাংছ’ত। প্ৰায় দুই বছৰ ধৰি শিশুটিক নিৰ্যাতন চলাই অহাৰ অভিযোগ চাবিনা লাংথাছাৰ বিৰুদ্ধে।
মাৰপিট কৰাৰ লগতে দেহত গৰম ইস্ত্রি লগাই দিছিল শিশুটিৰ। খাবলৈ নিদিয়াকৈ বান্ধি ৰখাৰ দৰে অকথ্য নিৰ্যাতনো চলাইছিল শিশুটিৰ ওপৰত। Assam Centre for Rural Development আৰু Child Friendly Guwahati নামৰ দুটা সংস্থাৰ তৎপৰতাত উদ্ধাৰ শিশুটি। ইতিমধ্যে ভগদত্তপুৰ থানাত ৰুজু কৰিছে গোচৰ।