মহানগৰীৰ দক্ষিণগাঁৱত জঘন্য ঘটনা: কিশোৰী ধৰ্ষণৰ বিৰুদ্ধে এমাহৰ পূৰ্বেই দাখিল কৰিছিল এজাহাৰ কিন্তু…

মহানগৰীৰ দক্ষিণগাঁৱত জঘন্য ঘটনা: কিশোৰী ধৰ্ষণৰ বিৰুদ্ধে এমাহৰ পূৰ্বেই দাখিল কৰিছিল এজাহাৰ কিন্তু…

মহানগৰীৰ দক্ষিণগাঁৱত জঘন্য ঘটনা: বিগত ৬ মাহে এগৰাকী ১৪ বছৰীয়া কিশোৰী ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । আব্দুল হামিদ নামৰ বিবাহিত পুৰুষজনে নিচাযুক্ত দ্ৰব্য খুৱাই কিশোৰীগৰাকীক ধৰ্ষণৰ কৰাৰ অভিযোগ উঠিছে ৷ প্ৰথমে লোকজনে অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃক নিচাযুক্ত দ্ৰব্য খুৱাই লয় ৷ তাৰ পিচতে কিশোৰীগৰাকীক লোকজনে ধৰ্ষণ কৰা অভিযোগ উত্থাপন কৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ।

উল্লেখ্য যে, আব্দুল হামিদ এজন বিবাহিত পুৰুষ ৷ তেওঁৰ দুই সন্তানো আছে ৷ প্ৰথমে কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাইছিল লোকজনে । তাৰ পিচতে এই ঘটনা সংঘটিত কৰে ৷ এই ঘটনাৰ পিচতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ভগদত্তপুৰ আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, যোৱা ২৩ আগষ্টতে কিশোৰীগৰাকীৰ পৰিয়ালে এই গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে গুৰত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

 

GTM Desk

Related