Advertisement

চাদৰমেখেলাৰে সজ্জিত হ’ল ছুপাৰমাৰ্কেটৰ দুৰ্গাপূজাৰ মণ্ডপত দেৱী প্ৰতিমা

চাদৰমেখেলাৰে সজ্জিত হ’ল ছুপাৰমাৰ্কেটৰ দুৰ্গাপূজাৰ মণ্ডপত দেৱী প্ৰতিমা
অসমীয়াৰ হেঁপাহৰ চাদৰ মেখেলা গাত মেৰিয়াই এইবাৰ ভক্তক আশীৰ্বাদ দিবলৈ গুৱাহাটীলৈ আহিছে দেৱী দুৰ্গা৷ চৌপাশে এতিয়া শাৰদীয় দুৰ্গা পূজাৰ উখলমাখল পৰিৱেশ৷ মহালয়া, নৱৰাত্ৰিৰ পাছত এতিয়া দেৱী দুৰ্গাৰ ষষ্ঠীপূজাত প্ৰাণ প্ৰতিষ্ঠাৰে মৰ্ত্ত্যৰ পূজা অৰ্চনাৰ বাবে সাজু হৈছে সকলো ভক্তগণ৷ পূজা মণ্ডপত চালে চকুৰোৱাকৈ স্থাপন কৰা হৈছে দেৱীপ্ৰতিমা৷
মা দুৰ্গাৰ লগত মৰ্ত্ত্যত পূজাৰ ভাগ ল’বলৈ আহিছে লক্ষ্মী, সৰস্বতী, কাৰ্তিক,গণেশ সকলো৷ অসমৰ সকলো ঠাইৰ লগতে ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ সকলো ঠাইতে আটকধুনীয়াকৈ সজোৱা হৈছে পূজাৰ মণ্ডপ৷ দিবলৈ চেষ্টা কৰা হৈছে এক নতুনত্বৰ পৰশ৷ এইসময়ত সকলো ব্যস্ত শাৰদীয় দুৰ্গাপূজাক লৈ ৷ দোকান পোহাৰত মানুহৰ ভিৰ৷ পূজা মণ্ডপত মঙ্গল আৰতিৰ লগতে ঢাকৰ শব্দ আৰু দুৰ্গামাৰ শ্লোক -স্ত্ৰোতঃত মুখৰ হৈছে চৌপাশ৷ মানুহে থৰ লাগি চাইছে পূজা মণ্ডপসমূহ৷ দুই এঠাইত বাদ দি সকলোতে চকু চাট মাৰি ধৰা কাৰুকাৰ্য৷
এইবাৰ দিছপুৰ চুপাৰমাৰ্কেটৰ পূজাভাগৰ দেৱী প্ৰতিমাৰ গাত দেখা গ’ল অসমীয়াৰ প্ৰাণৰ আপোন অসমীয়া পাটৰ কাপোৰৰে প্ৰস্তুত কৰা দেৱীমাৰ গাৰ বস্ত্ৰ৷ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ,উদ্যমী নাৰী দীপামণি গগৈয়ে এইবাৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ দুৰ্গাপূজাৰ প্ৰতিমা আগবঢ়োৱাৰ লগতে নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিওৱা অসমীয়া পাটৰ সাজৰে দুৰ্গা মাৰ লগতে সৰস্বতী আৰু লক্ষ্মীদেৱীৰ প্ৰতিমা সজাই তুলিছে৷ ডিজাইনাৰগৰাকীয়ে দুৰ্গামাৰ প্ৰতিমাৰ গাত ৰঙা ৰঙৰ পাটৰ মেখেলা চাদৰ পিন্ধোৱাৰ লগতে লক্ষ্মী মাৰ প্ৰতিমাৰ গাত হালধীয়া ৰঙৰ পাটৰ কাপোৰ আৰু সৰস্বতী মাৰ প্ৰতিমাৰ গাত পিন্ধাইছে শুধবগা ৰঙৰ পাটৰ সাজ৷ সেইদৰে প্ৰতিমাৰ গাৰ কাপোৰৰ লগত মিলাই পিন্ধাইছে আ-অলংকাৰো৷
এইদৰে দীপামণি গগৈয়ে সভক্তিৰে আগবঢ়োৱা দেৱীমাৰ প্ৰতিমাৰ গাৰ বস্ত্ৰ হিচাপে থকা অসমীয়া জাতীয় সাজযোৰে বিশেষভাৱে অসমীয়া ভক্তপ্ৰাণ ৰাইজক এইবেলি অন্য এক সুকীয়া আনন্দ প্ৰদান কৰিব বুলি আশা কৰা হৈছে৷

Shahnawaz Hamza