মা কামাখ্যাত পত্নীসহ উপস্থিত কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী

মা কামাখ্যাত পত্নীসহ উপস্থিত কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী

সোমবাৰে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে পোনে পোনে কামাখ্যা মন্দিৰত উপস্থিত হৈ পত্নীসহ মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে।

জানিব পৰা মতে, অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বৰ্তমান চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহ পুনৰীক্ষণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে গাডকাৰীয়ে কেইটামান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰো সম্ভাৱনা আছে।

GTM Desk

Related