জানি থওক ৰোগ প্ৰতিৰোধৰ বাবে আদা কিয় খাব লাগে

সাধাৰণতে দেৱ কাৰ্যৰ লগতে দৈনন্দিন খাদ্য সভাৰ প্ৰস্তুত কৰােতে যিবােৰ উপাদান ব্যৱহাৰ কৰা হয়। সেইবােৰৰ ভিতৰত অন্যতম হ’ল আদা। ।

অৱশ্যে আদা সম্পর্কে বহুতৰ ভ্রান্ত ধাৰণাও আছে। বহুতে আদা নিয়মীয়াকৈ খায়। আদা মচলা হিচাপে ব্যৱহাৰ কৰিলেও ইয়াৰ ঔষধি গুণৰ বাবে আন ক্ষেত্ৰতাে ব্যৱহাৰ কৰা হয়। শৰীৰৰ ওজন হ্রাসৰ পৰা আৰম্ভ কৰি কর্কটৰােগ প্ৰতিৰােধলৈকে সকলাে ক্ষমতা আছে আদা।

আদাৰ উপকাৰিতাৰ বিষয়েব্যাখ্যা কৰিবলৈ যােৱাৰ আগতে ইয়াত থকা বিভিন্ন উপাদানৰ বিষয়ে উল্লেখ কৰা হ’ল।

১০০ গ্রাম আদাত সচৰাচৰ যিবোেৰ উপাদান থাকে সেইবােৰৰ ভিতৰত অন্যতম হল ৩৩৬ কিলাে কেলৰি কার্বোহাইড্রেট ৭২ গ্রাম, ডায়েটাৰী ফাইবাৰ ১৪ গ্রাম, প্র’টিন ৮.৯৮ গ্রাম, ভিটামিন ‘এ’- ৩০ আই ইউ, ভিটামিন ‘চি’ ০.৭ মিলিগ্রাম, ফছফৰাছ ১৬৮ মিলিগ্রাম আৰু পটাছিয়াম ১৩২০ মিলিগ্রাম।

ইয়াৰ উপৰি বিটা কেৰেটিন, ফ্লেভােনয়েডছ, টেনিন, ভিটামিন ‘চি’সহ বিভিন্ন উপাদান থাকে। এজন সুস্থ ব্যক্তিয়ে নিতে চাৰি গ্রাম আদা খাব পাৰে। তাতকৈ বেছি পৰিমাণৰ খাব নালাগে।

দুই বছৰৰ তলৰ লৰা-ছােৱালীক আদা খুৱাব নালাগে। হাঁপানী ৰােগ প্ৰতিৰােধৰ ক্ষেত্ৰত আদাৰ ভূমিকা মন কৰিবলগীয়া। মস্তিষ্কৰ কার্যক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতাে আদাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।

কেতিয়াবা হজমৰ সমস্যাত আক্রান্ত হলে আদা ব্যৱহাৰ কৰিলেও সুফল পােৱা যায়। অৰুচি হােৱাৰ সময়ত যদি সামান্য পৰিমাণে আদা খায় তেতিয়াহ’লে তেনে সমস্যাৰ পৰা হাত সাৰিব পাৰি।

অৱশ্যে যদিহে কোনাে ব্যক্তিৰ ৰক্তপাতজনিত সমস্যা বা ব্লিডিং ডিছ অর্ডাৰ থাকে তেতিয়াহ’লে তেওঁ আদা খােৱাৰ ক্ষেত্ৰত সদায় সতর্ক হ’ব লাগিব। আলচাৰ আদিৰ সমস্যা থাকিলে আদাৰ ৰস বর্জনীয়।

ক্রনিক হজমৰ সমস্যাত ভােগা লােকসকলে যদি নিয়মীয়াকৈ শুকান আদা খায় তেওঁলােকে সুফল লাভ কৰিব পাৰে। আজিকালি খাদ্য প্রস্তুতৰ সময়ত আদা। আদিৰ ব্যৱহাৰৰাতাে গুৰুত্ব দিয়া হৈছে।

You May Also Like

More From Author