শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল – Guwahati Times

শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল

গুৱাহাটী: যোৱা বাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ পিচত পুনৰ পৰীক্ষা দিছিল,কিন্তু এইবাৰো ৰজনীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাত ভয় আৰু লাজত এনে পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

শিৱসাগৰ, 25 জুনঃ শিৱসাগৰৰ দিখৌ নদীত জাপ দিয়াৰ সন্দেহ এগৰাকী যুৱতীৰ। ৰজনী কুমাৰী শ্বাহ নামৰ ১৮ বছৰ বয়সীয়া যুৱতী গৰাকীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । যোৱা বাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ পিচত পুনৰ পৰীক্ষা দিছিল, কিন্তু এইবাৰো ৰজনীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাত ভয় আৰু লাজত এনে পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফলআৰক্ষীয়ে দিখৌ দলঙত যুৱতী গৰাকীৰ চেণ্ডলৰ লগতে ঘৰৰ পৰা এই সন্দৰ্ভত উদ্ধাৰ কৰিছে এক আত্মহত্যাৰ টোকা । শিৱসাগৰ নগৰৰ হাস্পতাল ৰোডৰ নিবাসী উমা শংকৰ শ্বাহৰ ডাঙৰ সন্তান ৰজনীয়ে এইবাৰ শিৱসাগৰ ছোৱালী কলেজৰ পৰা চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ব্যক্তিগত খণ্ডৰ তেল কোম্পানীত কৰ্মৰত উমা শংকৰ শ্বাহ বৰ্তমান কৰ্মসূত্ৰে ৰাজস্থানত আছে । যুৱতী গৰাকীৰ সন্ধানত ইতিমধ্যে জিলা প্ৰশাসনৰ লগতে এছডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে দিখৌ নদীত।ৰজনী কুমাৰী শ্বাহলগতে চাওকঃ কলা শাখাত দ্বিতী

error: Content is protected !!