22.7 C
Assam
Saturday, March 25, 2023

Featured News

শুকুৰবাৰে জিএমচি নিৰ্বাচিন; ইভিএম লৈ ভোট কেন্দ্ৰত প্ৰিজাইডিং-প’লিং বিষয়া

Assamese Newsশুকুৰবাৰে জিএমচি নিৰ্বাচিন; ইভিএম লৈ ভোট কেন্দ্ৰত প্ৰিজাইডিং-প’লিং বিষয়া

জল্পনা-কল্পনাৰ অৱসান ঘটাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুকুৰবাৰে অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ।পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।প্ৰিজাইডিং, প’লিং আৰু অন্যান্য বিষয়াসকল আজি ইভিএমলৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়।

মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ পৰা নিৰ্বাচনৰ ইভিএম ছেট আৰু অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় বিষয়াসকল।জিলা ৰিটাৰ্নিং বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল  ঝাই বাণিজ্য কেন্দ্ৰত উপস্থিত হৈ এই সামগ্ৰিক প্ৰক্ৰিয়া তদাৰক কৰাৰ লগতে নিৰ্বাচনত নিয়োজিত বিষয়া- কৰ্মীসকলক নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে শুভেচ্ছা জনায়।তাৎপৰ্যপূৰ্ণ কথা এই যে ,পুৱা ৭-৩০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪-৩০ বজাত অন্ত পৰিব।পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণত প্ৰথমবাৰ  বাবে ইভিএমৰ ব্যৱস্থা কৰা হৈছে।এইবাৰৰ নিৰ্বাচনৰ বাবে মুঠ ৭৫৭টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰতিটো কেন্দ্ৰত এগৰাকীকৈ প্ৰিজাইডিং বিষয়া লগতে তিনিগৰাকীকৈ প’লিং বিষয়া নিয়োজিত কৰা হৈছে। নিয়োজিত কৰা হৈছে নিৰ্দিষ্ট সংখ্যক আৰক্ষী।

ইয়াৰ উপৰিও নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে পৌৰ নিগম এলেকাৰ ৮টা জ’ন আৰু ৭৬টা ছেক্টৰত একো গৰাকীকৈ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে।তেনেদৰে ৮০টা ভোটগ্ৰহণ কেন্দ্ৰৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব।উল্লেখনীয় যে গুৱাহাটীৰ পৌৰ নিগমৰ মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত ৫, ৬ আৰু ২২ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী তিনিগৰাকী বিনা প্ৰতিদ্বন্দীতাৰে জয়ী হয়।তাৰ পৰিপ্ৰেক্ষিতত ৫৭টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

আনহাতে নিৰ্বাচনত মুঠ ৭,৯৭,৮০৭ গৰাকীৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।ইয়াৰ ভিতৰত ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।অহা ২৪এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰতে ভোটগণনা কৰাৰ লগতে একেদিনাই  ফলাফল ঘোষণা কৰা হ’ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!