মহানগৰীৰ তিনিটা নতুন কেন্দ্রত ক’ভিড–১৯ টিকাকৰণ অভিযান আৰম্ভ

0 min read

 শুকুৰবাৰৰ পৰা কামৰূপ মহানগৰ জিলাৰ তিনিটা নতুন কেন্দ্রত ক’ভিড টিকাকৰণ অভিযান আৰম্ভ হৈছে৷ মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়, ডাউন টাউন চিকিৎসালয় আৰু নমাইলস্থিত চিআৰপিএফ কম্পজিট চিকিৎসালয়ত কালিৰ পৰা আৰম্ভ হয় ক’ভিড টিকাকৰণ অভিযান৷

মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ অতিৰিক্ত অধীক্ষক ডাঃ অনুপল শর্মাই প্রথমটো ভেকচিন লৈ এই অভিযানৰ শুভাৰম্ভ কৰে৷ তাৰ পিছতে ডাঃ মৃদুল দাস আৰু ডাঃ গৌতম শর্মাক প্রতিষেধক দিয়া হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ বিশেষ কর্তব্যৰত বিষয়া পমী বৰুৱা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিনিধি ডাঃ অৰূপ ডেকাৰ উপস্থিতিত টিকাকৰণ কৰা হয়৷

ডাউন টাউন চিকিৎসালয় আৰু নমাইলস্থিত চিআৰপিএফ কম্পজিট চিকিৎসালয়তো পুৱাৰ পৰা টিকাকৰণ আৰম্ভ হয়৷ ডাউন টাউন চিকিৎসালয়ৰ ডাঃ উদয়ন বৰুৱা, জ্যোতিষ্মান দত্ত, ময়ূৰাক্ষী দত্ত আৰু ডাঃ ইন্দ্র কুলাধিপতিয়ে প্রথমে টিকা গ্রহণ কৰে৷ চিআৰপিএফ কম্পজিট চিকিৎসালয়ত ডাঃ অনুৰাগ, ডাঃ শৈলেন্দ্র, ডাঃ এছকেএল ভগত আৰু ডাঃ জিতেন্দ্রক প্রথম টিকা প্রদান কৰা হয়৷ জিলা টিকাকৰণ বিষয়া ডাঃ ভবেন্দ্র কুমাৰ দাস আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিনিধি ডাঃ বিজিত গগৈয়ে ডাউন টাউন আৰু চিআৰপিএফ চিকিৎসালয়ৰ টিকাকৰণ কার্যসূচী তদাৰক কৰে৷

টিকাকৰণৰ প্রথম দিনা মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ ১০০জনৰ ৭৯জন, ডাউন টাউনৰ ১০০জনৰ ১০০জন আৰু চিআৰপিএফ চিকিৎসালয়ৰ ১০০জনৰ ৫৯জনক টিকা দিয়া হয়৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, সোণাপুৰ জিলা চিকিৎসালয় আৰু মাৰোৱাৰী চিকিৎসালয়ত যোৱা ১৬ জানুৱাৰীৰ পৰা টিকাকৰণ অভিযান চলি আছে৷

You May Also Like

More From Author