মৰঙীত বন্যহস্তীৰ আক্ৰমণত এটি শিশু নিহত…

মৰঙীত বন্যহস্তীৰ আক্ৰমণত এটি শিশু নিহত…

গোলাঘাট জিলাৰ মৰঙী শ্যামৰায়পুৰৰ বৰচালিত বন্যহস্তীৰ ত্ৰাস। বন্যহস্তীৰ আক্ৰমণত এটা পৰিয়ালৰ ৰোহিত কুমাৰ নামৰ এজন ৮ বছৰীয়া শিশু নিহত হোৱাৰ লগতে শিশুটিৰ মাতৃ গীতা কুমাৰ আৰু পিতৃ সঞ্জীৱ কুমাৰো গুৰুত্বৰভাৱে আহত হয় ।

হাতীৰ জাকে নিশা পৰিয়ালটো শুই থকা অৱস্থাত অতৰ্কিতে বাসগৃহটো সম্পূৰ্ণ ৰূপে ঘেৰাও কৰি ভাঙি আক্ৰমণ কৰে।সমগ্ৰ বৰচালি অঞ্চলটোত প্ৰায় ৫০ টাৰো অধিক বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে হাতীৰ জাকটোৱে।

কথমপী প্ৰাণ ৰক্ষা পৰে আন কেইবাজনো লোকৰ। বৰ্তমান হাতীৰ জাকটো কাষৰে শ্যামৰায়পুৰ চাহ বাগিচাত আশ্ৰয় লৈ আছে। আজি বহুদিনৰ পৰাই এই অঞ্চলসমূহত বনৰীয়া হাতীৰ জাকে বনাঞ্চল এৰি জনাঞ্চলত প্ৰবেশ কৰি এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

সমান্তৰালকৈ এই হাতীৰ জাকটোৱে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। বৰ্তমান খেতিয়কসকলে কৃষি কৰ্মৰ বাবে আগবাঢ়িছে যদিও সেই সোণোৱালী শস্যসমূহ যে চপাব পাৰিব সেইয়া এক চিন্তাৰ বিষয় হৈ পৰিছে।

GTM Desk