তিনিটাকৈ সন্তানক এৰি নিশাই নিৰুদ্দেশ হ’ল জানমণি…

তিনিটাকৈ সন্তানক এৰি নিশাই নিৰুদ্দেশ হ’ল জানমণি…

তিনিটাকৈ সন্তানক এৰি নিশা ঘৰৰ পৰাই নিৰুদ্দেশ হ’ল জানমণি। মেৰাপানীৰ ভেলৌগুৰিৰ ২৭ বছৰীয়া জানমণি ওৰফে মল্লিকা চুলতানা আহমেদ যোৱা ১৯ আগষ্টৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। পৰকীয়া প্ৰেমৰ পৰিণতিত অঞ্চলতটোত দিনক দিনে বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনা বৃদ্ধি পাই অহা সময়তে জানমণিও পৰ পুৰুষলৈ পলাই যোৱাৰ সন্দেহত ভাঙি পৰিছে স্বামী আচাৰুল হক।

স্বামীয়ে জানিবলৈ দিয়া মতে, ১৯ আগষ্টৰ নিশা ভেলৌগুৰিৰনিজ বাসগৃহৰ পৰাই নাইকীয়া হয় তিনি সন্তানৰ মাতৃ জানমণি। যাৰ বাবে এক বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালটোত। ইপিনে মাজতে ডাঙৰ পুত্ৰৰ কাতৰ অনুৰোধ- ‘আম্মাজান তুমি যতে আছা ঘুৰি আহা’। উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীৰ কাষ চাপিছে জানমণিৰ স্বামী আচাৰুল হক।

GTM Desk

Related