নিজৰ বন্দুক (AK-47)ৰ গুলীত নিহত হ’ল অসম আৰক্ষী জোৱান
গোলকগঞ্জ চাৰিআলিত দেওবাৰে সংঘটিত হয় এক দুৰ্ঘটনা ।
এই দুৰ্ঘটনাৰ পাচতেই আকস্মাতে নিজৰ এ কে ৪৭ ৰ গুলী ওলাই নিহত হয় উমেশ ৰায় নামৰ আৰক্ষী জোৱানজন ।
ঘটনা অনুসৰি বাইকেৰে গৈ থকা অৱস্থাত গোলকগঞ্জ চাৰিআলিত দুৰ্ঘটনাত পতিত হয় আৰক্ষী জোৱানজন ।
দুৰ্ঘটনাৰ পাচতেই অকস্মাতে নিজৰ হাতত থকা এ কে ৪৭ ৰ এটা গুলী ফুটি থিতাতে মৃত্যু হয় উমেশ ৰায়ৰ ।
আৰক্ষী জোৱানজনৰ মৃত্যুৰ পাচতেই এতিয়া শোকৰ ছাঁ পৰিছে অঞ্চলটোত ।