কাকৈজানা অভয়াৰণ্যৰ সমীপত তীব্ৰবেগী বাহনে খুন্দিয়ালে সোণালী বান্দৰ; থিতাতে নিহত সোণালী বান্দৰ

 

আব্দুল লতিফ

সোণালী বান্দৰৰ ৰম্যভুমি কাকৈজানা অভয়াৰণ্যৰ নাতিদূৰৈত কাকৈজানা শিৱ মন্দিৰৰ সন্মুখত আজি ৰাতিপুৱা আনুমানিক ১১ঃ২৫ বজাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ।

যাৰ ফলত কৰুণ মৃত্যুক সাবতি লবলগীয়া হয় বিশ্ব বিৰল দুষ্প্ৰাপ্য সোনালী বান্দৰ ।
উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা বৰপেটা হৈ ধুবুৰী সংযোগী ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা চৰিলেণ্ডযুক্ত পথ নিৰ্মানৰ বাবে পথচোৱাৰ দাতিকাষৰীয়া গছসমূহ কাটি তহিলং কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত অভয়াৰণ্যখনৰ গাতে গাতে লাগি থকা এলেকা সমূহৰ জীৱ-জন্তু ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ এনিমেল কৰিডৰৰ অভাৱৰ সন্মুখিন হোৱাৰ বাবে ঘাইপথটোৰ ওপৰৰে এই বান্দৰটোৱে পাৰ হ’বলৈ চেষ্টা কৰোতে তীব্ৰবেগী ট্ৰাক এখনৰ খুন্দাত সংঘটিত হয় এই দুৰ্ঘটনা ।

ঘটনাস্থলীত সৰ্পমানৱ হৰমোহন ৰাভা আৰু শিৱম এন জি অ উপস্থিত হৈ বান্দৰটোক উন্নত চিকিৎসাৰ বাবে নিয়াৰ ব্যৱস্থা কৰাৰ লগতে অভয়াপুৰী বন সংমণ্ডল বিষয়াক খৱৰ দিয়ে যদিও বান্দৰটোৱে ইতিমধ্যেই মৃত্যুক সাবতি লয় ।

পিছত অভয়াপুৰী বন সংমণ্ডল বিষয়া উপস্থিত হৈ বান্দৰটোক লৈ যায় ।

 

error: Content is protected !!
%d bloggers like this: