নতুন বছৰৰ আৰম্ভণিতে এটা ইতিবাচক খবৰে উৎফুল্লিত কৰি তুলিছে নাজিৰাবাসীক।

নতুন বছৰৰ আৰম্ভণিতে এটা ইতিবাচক খবৰে উৎফুল্লিত কৰি তুলিছে নাজিৰাবাসীক।

নতুন বছৰৰ আৰম্ভণিতে এটা ইতিবাচক খবৰে উৎফুল্লিত কৰি তুলিছে নাজিৰাবাসীক।

নাজিৰাৰ আমোলাপট্টিৰ সীমান্ত দাস আৰু বৰ্ণালী দাসৰ কন্যা পয়োনিধি দাসে অনুৰ্দ্ধ ১৫ মহিলা ক্ৰিকেটৰ অসম দলত উপ – অধিনায়ক তথা উইকেটকীপাৰ হিচাপে নিৰ্বাচিত হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নাজিৰালৈ ৷ নাজিৰা ক্ৰিকেট একাডেমিত সৰুৰে পৰা অনুশীলন কৰি পাছত গুৱাহাটীত প্ৰশিক্ষণ গ্ৰহণ কৰা পয়োনিধি অসম দলত নিৰ্বাচিত হোৱা প্ৰথম খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে খেলুৱৈ গৰাকীৰ লগতে নাজিৰাবাসী ৷নাজিৰা ক্ৰিকেট একাডেমিৰ লগতে নাজিৰাৰ দল সংগঠনে পয়োনিধিয়ে উন্নত খেল প্ৰদৰ্শন কৰি নাজিৰাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অভিনন্দন জনাইছে ৷ ভৱিষ্যতে ভাৰত মহিলা ক্ৰিকেট দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে বুলি ব্যক্ত কৰে পয়োনিধি দাসে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

GTM Desk

Related