হাই প্ৰফাইল বিদেশী আমাৰ খেতি কৰি চিন্তিত গোঁসাইগাঁৱৰ এজন কৃষক…

হাই প্ৰফাইল বিদেশী আমাৰ খেতি কৰি চিন্তিত গোঁসাইগাঁৱৰ এজন কৃষক…

এটা আমৰ বজাৰ মূল্য কিমান হব পাৰে আপুনি ধাৰণা কৰিব পাৰেনে? দেখাত সাধাৰণ আম যেন লাগিলেও এই আমৰসমূহৰ বজাৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব। হয় ঠিকেই ধৰিছে। কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অক্সিগুড়ি গাওঁৰ নিবাসী ম: শাফিনুৰুল মিয়া নিজ গৃহ প্ৰাংগণত বিভিন্ন দেশৰ প্ৰায় শতাধিক প্ৰজাতিৰ আমৰ পুলি ৰোপণ কৰিছে। যাৰ প্ৰতিটো আমৰ বৰ্তমান আন্তৰ্জাতিক বজাৰ মূল্য ২১ হাজাৰৰ পৰা এক লাখলৈকে। যুৱকজনে নিজৰ গাঁঠিৰ ধনেৰে জাপান,চিন, অষ্ট্ৰেলিয়া, থাইলেণ্ড, আমেৰিকাৰ উপৰিও বিভিন্ন দেশৰ সৰ্বাধিক মূল্যৰ নানা প্ৰজাতিৰ আমৰ পুলি আমদানি কৰি এনেদৰে ধন উপাৰ্জনৰ এক নিদৰ্শন পন্থা দেখুৱাবলৈ সক্ষম হৈছে। জাপানিছ মিয়াঝাকি,থাইলেণ্ড নামদগমইহোৱাইট, ব্লেক স্টোন হানিডো, থ্ৰী টিছ আৰু বহু প্ৰজাতিৰ আমেৰে ভৰি পৰিছে যুৱকজনৰ নিজ গৃহৰ চোতাল । সম্প্ৰতি এই আমখিনি পৰীপক্ক হোৱাত ক্রেতাৰ অভাৱত অধিক চিন্তিত হৈ পৰিছে কৃষকজনে। কোনোবা ইচ্ছুক ব্যক্তিয়ে এই আম ক্ৰয় কৰিব বিচাৰিলে নিম্বলিখিত লোকজনৰ নম্বৰত যোগাযোগ স্থাপন কৰিব পাৰে।

Contact number-9678045134/8822395255

GTM Desk