গোসাঁইগাওঁৰ মাকটাইগাওঁত অৰ্ধশতাধীক পুৰুষ মহিলাই নিজৰ প্ৰাপ্য ধন বিচাৰি হাহাকাৰ, মন্ত্ৰী, আমলাৰ দোহাই বহুমুখী সমবায় সমিতিৰ এজেন্ট শুনিল বৰ্মনৰ…

গোসাঁইগাওঁৰ মাকটাইগাওঁত অৰ্ধশতাধীক পুৰুষ মহিলাই নিজৰ প্ৰাপ্য ধন বিচাৰি হাহাকাৰ, মন্ত্ৰী, আমলাৰ দোহাই বহুমুখী সমবায় সমিতিৰ এজেন্ট শুনিল বৰ্মনৰ…

জমা কৰা নিজৰ প্ৰাপ্য ধন বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অৰ্ধশতাধিক পুৰুষ – মহিলাৰ।
গোঁসাইগাওঁ মহকুমাৰ অন্তৰ্গত মাকটাইগাওঁ, বাজুগাওঁ আৰু হাউৰীয়াপেট গাওঁৰ ৰাইজ আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলে বহুমুখী মুখি সমবায় সমিতিৰ এজেন্ট শুনীল বৰ্মনৰ ওচৰত প্ৰতিদিনে, আৰু প্ৰতি মাহে মাহে জমা কৰিছিল কষ্টেৰে উপাৰ্জন কৰা ধন ।

পান তামোল, চাহ, শিপিনী আদি ক্ষুদ্ৰ ব্যৱসায়ীৰ ধন ঘুৰাই নিদিয়ে সমবায় সমিতিয়ে আৰু এজেন্ট শুনীল বৰ্মনে। জমা কৰা প্ৰাপ্য টকা ঘুৰাই নোপোৱাত ক্ষোভিত হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী সকলে । মন্ত্ৰী আৰু আমোলাৰ দোহাই দি হাত হাৰিব বিছাৰিছে নেকি এজেন্ট শুনীল বৰ্মণ তথা বহুমুখী সমবায় সমিতি।ভুক্তভোগীয়ে সাংবাদিকৰ আগত কোৱা মতে টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া ফালৰী কাটিছে শুনীল বৰ্মনে।এতিয়া প্ৰশ্ন হয় মন্ত্ৰী আৰু আমোলাৰ দোহাই দি সাৰি জাব নেকি এজেন্ট শুনীল বৰ্মনে? অসম আৰু বিটিআৰ চৰকাৰে বহুমুখী সমবায় সমিতিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব নে? সেয়া সময়ত হে হব লক্ষনীয়

GTM Desk