গোসাইগাঁৱৰ গকুলকাটা ব্লকত এজন লোকক দলবদ্ধ আক্ৰমনঃ

গোসাইগাঁৱৰ গকুলকাটা ব্লকত এজন লোকক দলবদ্ধ আক্ৰমনঃ

 

 

গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত গকুলকাটা ব্লকত কালি বিয়লি ভূমি বিবাদক কেন্দ্ৰ এজন লোকক দলবদ্ধ ভাবে আক্ৰমন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷শিমুল টাপু আৰক্ষী চকীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ নিবাসী নৰেন সৰকাৰ আৰু ইদৰিছ আলী সেখৰ পৰিয়ালৰ মাজত এডোখৰ মাটিক লৈ কিছুদিনৰ পৰা মতানৈক্য চলি আছিল ৷ উক্ত মাটিক লৈ কালি দিনৰ ভাগত পথাৰতে নৰেন সৰকাৰ আৰু ইদৰিছ আলীৰ মাজত বাক বিতণ্ডা হয় ৷ কিছু সময় পাছত নৰেন সৰকাৰ নিজ গৃহত উপস্থিত হোৱাৰ পাছতেই ইদৰিছ আলীয়ে পৰিয়লাৰ আঠজন সদস্যক লৈ নৰেন সৰকাৰৰ গৃহত উপস্থিত হৈ ঘৰৰ দুৱাৰ ভাঙি নৰেন সৰকাৰক দলবদ্ধভাৱে আক্ৰমন চলায় ৷ আক্ৰমণত তেজেৰে লুতুৰি পুতুৰি হৈ নৰেন সৰকাৰ মাটিত ঢলি পৰে ৷ পিছত পৰিয়ালো লোকে নৰেন সৰকাৰক গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে ৷আৰক্ষীয়ে ঘটনাৰ সৈতে জৰিত ইদৰিছ আলী আৰু তেৱৰ পত্নী মমতাজ বিবি,পুত্ৰ মনতাজ আলী সেখৰ লগতে পৰিয়ালৰ আন সদস্য ক্ৰমে ময়নাল সেখ,ফজৰ আলী ফকিৰ,কুদ্দুছ আলী সেখ,ৰফিকুল ইছলাম ফকিৰ,ৰহিমা বিবিক আটক কৰিছে ৷

GTM Desk