কচুগাঁৱত বিশ্ব হস্তী দিৱস উদযাপন:১৬ কিঃমিঃ দৈৰ্ঘ্যৰ সৌৰ শক্তি পৰিচালিত বিদ্যুতিক তাৰ ৰাইজৰ হাতত হস্তান্তৰ

কচুগাঁৱত বিশ্ব হস্তী দিৱস উদযাপন:১৬ কিঃমিঃ দৈৰ্ঘ্যৰ সৌৰ শক্তি পৰিচালিত বিদ্যুতিক তাৰ ৰাইজৰ হাতত হস্তান্তৰ

আজি বিশ্ব হস্তী দিৱস। হস্তী দিৱসৰ লগত সংগতি ৰাখি গোসাইগাঁও মহকুমাৰ  কচুগাঁওস্থিত ফৰেষ্ট আইবিত বিটিচিৰ বন বিভাগ আৰু বিশ্ব প্ৰকৃতি নিধি (WWF) আৰু ৱাইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া (WTI) নামৰ বেচৰকাৰী সংস্থা দ্বয়ৰ যৌথ উদ্যোগত বিশ্ব হস্তী দিৱস আয়োজন কৰে। দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত বিশ্ব হস্তী দিৱস উদযাপন কাৰ্যসূচীত বিশ্ব হস্তী দিৱসৰ তাৎপৰ্য সন্দৰ্ভত মন্তব্য আগবঢ়ায় বিটিচিৰ বন বিভাগ বিভাগীয় মুৰব্বী সুমন মহাপাত্ৰই। বন বিভাগৰ কচুগাঁও সংমণ্ডলৰ বিষয়া ভানু সিনহাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ অৱস্থা আৰু স্থিতি সন্দৰ্ভত মন্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত ৱাইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া নামৰ বেচৰকাৰী সংস্থাটোৱে বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত ১৬ কিঃমিঃ দৈৰ্ঘ্যৰ সৌৰ শক্তি পৰিচালিত বিদ্যুতিক তাৰ ৰাইজৰ হাতত হস্তান্তৰ কৰে।

Shahnawaz Hamza

Related