গোসাঁইগাঁৱত আৰক্ষীৰ অভিযান ,বৃহৎ পৰিমাণৰ গাজা জব্দ,এজনক আটক

1 min read

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান । ট্ৰাকত তালাচী চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ। মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে। ট্ৰাকখনত মুঠ ৫০ টা ভাংৰ পেকেট আছিল। জব্দ কৰা ভাঙৰ মূল্য এক কোটি অধিক হব। গোসাঁইগাঁৱৰ ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰত নাকা চেকিং কৰি থকা সময়ত এখন ট্ৰাক আটক কৰে । AS01AC/6911 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই বৃহৎ পৰিমাণৰ ভাং উদ্বাৰ কৰে আৰক্ষীয়ে। ট্ৰাকখনত কোনো সামগ্ৰী নাছিল যদিও ওপৰত থকা তিৰপালৰ ভিতৰত কৌশলেৰে ভাং কঢ়িয়াই লৈ গৈ আছিল ট্ৰাকত। ট্ৰাকখন ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে গৈ আছিল বুলি প্ৰকাশ পাইছে।ট্ৰাকৰ লগতে চলকজনক অটক কৰা হৈছে । চালকজনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে। উল্লেখ যে কেবাদিন পূৰ্বেও ৯ কোটি টকাৰ হেৰ’ইন জব্দ কৰা হৈছিল।

You May Also Like

More From Author