গোসাঁইগাঁৱৰ সংবাদকৰ্মী আজিজুল হকক প্ৰেছ ক্লাবত প্ৰৱেশ নিষিদ্ধ ঘোষণা

1 min read

গোসাঁইগাঁও প্ৰেছ ক্লাৱ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত অসম ফ’কাছ নামৰ ৱেব পৰ্টেলটোত কৰ্মৰত গোসাঁইগাঁৱৰ সংবাদকৰ্মী আজিজুল হকক গোসাঁইগাঁৱৰ সংবাদ জগতৰ পৰা এঘৰীয়া কৰাৰ লগতে প্ৰেছ ক্লাবত প্ৰৱেশ নিষিদ্ধ ঘোষণা গোসাঁইগাঁও প্ৰেছ ক্লাবৰ।

যোৱা সোমবাৰে গোসাঁইগাঁও প্ৰেছ ক্লাৱত প্ৰেছ ক্লাবৰ  সভাপতি হাফিজুৰ ৰহমানৰ সভাপতিত্বত সংবাদকৰ্মীজনৰ বিৰুদ্ধে কিছুমান আপত্তিজনক অভিযোগৰ ভিত্তিত এক বিশেষ জৰুৰী সভা অনুষ্ঠিত কৰা হয়। সভাখনত সদনে অসম ফ’কাছ নামৰ  ৱেব পৰ্টেলটিৰ গোসাঁইগাঁৱৰ সংবাদকৰ্মী আজিজুল হকৰ বিৰুদ্ধে উত্থাপিত  বিভিন্ন অপত্তিকৰ অভিযোগ সম্পৰ্কত  পুংখানুপুংখ ভাবে আলোচনা কৰা হয়। গোসাঁইগাঁৱত কৰ্মৰত প্ৰায় সংখ্যক সংবাদকৰ্মী আৰু গোসাঁইগাঁও প্ৰেছ ক্লাৱৰ বিষয়ববীয়া আৰু সদস্য সকলৰ উপস্থিতিত আয়োজিত সভাখনত হোৱা  আলোচনাৰ সিদ্ধান্ত মৰ্মে সংবাদকৰ্মী আজিজুল হকে গোসাঁইগাঁও প্ৰেছ ক্লাব সন্দৰ্ভত কৰা এক বিতৰ্কিত আৰু আপত্তিজনক মন্তব্যৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁক গোসাঁইগাঁও প্ৰেছ ক্লাৱত  ভৱিষ্যতে  অনুষ্ঠিত হ’বলগীয়া সকলো  অনুষ্ঠানত প্ৰৱেশ নিষিদ্ধৰ প্ৰস্তাৱ সৰ্বসন্মত ভাবে গ্ৰহণ কৰা হয়। আনহাতে সংবাদকৰ্মীজনে হকে-বিহকে বৃহত্তৰ গোসাঁইগাঁও অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক তথা সহকৰ্মী সংবাদকৰ্মীৰ লগত  বাক-বিতণ্ডাত লিপ্ত   হৈ গোসাঁইগাঁওৰ সংবাদ জগতখন  কলুষিত কৰাৰ লগতে সংবাদ জগতৰ পৰিপন্থী কৰ্ম-কাণ্ডত লিপ্ত থকাৰ দীৰ্ঘদিনীয়া অভিযোগ সমূহ চালি-জাৰি চাই তেওঁক গোসাঁইগাঁৱৰ সংবাদ জগতৰ পৰা সাময়িক ভাৱে এঘৰীয়া  কৰাৰো আন এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উক্ত সভাতে গৃহীত হয়।

 

উল্লেখ্য যে সভাখনত উপস্থিত থাকি সংবাদকৰ্মী হকক আত্মপক্ষ সমৰ্থনৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে তেওঁক সভাখনত উপস্থিত থকাৰ বাবে নিমন্ত্ৰণো জনোৱা হৈছিল যদিও তেওঁৰ দুৰ্বলতা থকাৰ বাবে সেই সুযোগ ইচ্ছাকৃত ভাবে গ্ৰহণ নকৰি  প্ৰকাৰন্তৰে সভাক হেয় প্ৰতিপন্ন কৰাত সভাই খেদ প্ৰকাশ কৰে। উক্ত সভাত গোসাঁইগাঁও প্ৰেছ ক্লাৱৰ তথা বৃহত্তৰ গোসাঁইগাঁও অঞ্চলৰ ছপা তথা দৃশ্য-শ্ৰব্য মাধ্যমৰ প্ৰায় সংখ্যক  সাংবাদিক তথা সংবাদকৰ্মীয়ে সদনৰ প্ৰস্তাৱক সমৰ্থন জনায়।

You May Also Like

More From Author