34 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

GPC Election: ৩ জুনত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন।

Assamese NewsGPC Election: ৩ জুনত অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন।

গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নির্বাচন সমিতিয়ে । নির্বাচন সমিতিয়ে ইতিমধ্যে ভোটাৰ তালিকা প্রকাশ কৰিছে।

তালিকা অনুসৰি এইবাৰৰ গুৱাহাটী প্ৰেছ ক্লাবৰ মুঠ ভোটাৰৰ সংখ্যা ৯৯৮ । সদস্য পদৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা ১,২৭১। ইয়াৰে ২২৫ গৰাকীৰ আবেদন বিসংগতি, অভিজ্ঞতা নথকা বা আন অনুষংগিক কাৰণত নাকচ কৰা হয় ।

নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অহা তিনি জুনত অনুষ্ঠিত হ’ব । ভোট গণনা আৰু নিৰ্বাচনৰ ফল ঘোষণা কৰা হ’ব চাৰি জুনত ।

গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবিধানিক নিয়ম অনুসৰি মুঠ ১০টা পদত নির্বাচন অনুষ্ঠিত হ’ব । পদ কেইটা হ’ল— সভাপতি, উপ- সভাপতি (দুটা পদ), সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক (দুটা পদ), সাংগঠনিক সম্পাদক, কোষাধ্যক্ষ, সাংস্কৃতিক সম্পাদক আৰু ক্ৰীড়া সম্পাদক। ইয়াৰ ভিতৰত উপ-সভাপতিৰ এটা পদ আৰু সহকাৰী সম্পাদকৰ এটা পদ মহিলাৰ বাবে সংৰক্ষিত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!