গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

1 min read

গুৱাহাটী মহানগৰীত ছাত্ৰী আত্মহত্যা।গুৱাহাটী মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী ভায়লিনা শইকীয়া(১৯)ই সহপাঠীৰ সৈতে বনভোজ খাবলৈ যাব নাপাই সংঘটিত কৰে আত্মহত্যা।

মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুৱাৰীৰ বিষ্ণু নগৰত সংঘটিত হৈছে এই ঘটনা।প্ৰাপ্ত খবৰ অনুসৰি বিষ্ণু নগৰৰ বাসিন্দা তৰুণ শইকীয়াৰ কন্যা ভায়লিনাই দেওবাৰে সতীৰ্থ ছাত্র-ছাত্ৰীৰে  পানীখাইটীৰ হাতীশিলাত বনভোজ খাবলৈ যাব বিচাৰিছিল।কিন্তু পিতৃয়ে কন্যাক বনভোজ যাবলৈ বাধা প্ৰদান কৰাত ইয়াতে খৰ্গগ্ৰস্ত হৈ ভায়লিনাই ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিছিল।দিনৰ ভাগত ঘৰৰ আটায়ে কৰ্তব্যস্থলীলৈ যোৱাত ঘৰত কোনো নথকাৰ সুযোগ লৈ ভায়লিনাই বাথৰুমত ডিঙিত চিপলৈ আত্মহত্যা কৰে।

ইফালে বিয়লি পিতৃয়ে কৰ্তব্য সামৰি ঘৰলৈ উভতি আহি স্নানাগাৰত প্ৰত্যক্ষ কৰে কন্যাৰ মৃতদেহ ।

You May Also Like

More From Author