দুই CRPF জোৱানৰ মাজত গুলীয়াগুলি

1 min read

দেওবাৰে নগাঁৱৰ কাতিমাৰী চিআৰপিএফ শিবিৰ(CRPF Camp)ত সংঘটিত হৈছে চাঞ্চল্যকৰ গুলীচালনা(gunfire)ৰ ঘটনা । চিআৰপিএফৰ মাজত হোৱা গুলীচালনাত আহত দুজনকৈ জোৱান । নগাঁৱৰ কাতিমাৰিস্থিত ৩৪ নং চি আৰ পি এফ শিবিৰত সংঘটিত এক গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । চিআৰপিএফ শিবিৰৰ দুই জোৱান ত্ৰিপুৰাৰ ৰাজু শীল আৰু বৰপেটাৰ জেহেৰুলে ইছলামৰ মাজত দেওবাৰে এইদৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা ।

ইতিমধ্যে চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত ইতিপূৰ্বে চিআৰপিএফ শিবিৰৰ তৰফৰ পৰা স্থানীয় আৰক্ষী থানাত এজহাৰ(FIR) দাখিল কৰা বুলিও জানিব পৰা গৈছে ।

You May Also Like

More From Author