গুণোৎসৱৰ প্ৰাকক্ষণত মৰিগাঁৱৰ ১১৪ খনকৈ বিদ্যালয় বান পানীৰ কবলত

1 min read

কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা প্ৰথমটো ভয়াৱহ বান পৰিস্থিতিৰ লগতে মৰিগাঁও জিলাতো বান পৰিস্থিতিৰে অধিক জটিল হৈ উঠিছে। জিলাখনৰ প্ৰথমটো বানপানীৰ কবলত পৰিছে  মায়ং,ভূৰাগাওঁ, লাহৰীঘাটৰ লগতে মৰিগাঁও ৰাজহ চক্ৰ।

জিলাখনত সৃষ্টি হোৱা বান পৰিস্থিতিয়ে কেইবাটাও মথাউৰিলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ লগতে খেতি ভূমিৰ বিস্তৰ ক্ষতি সাধন হৈছে। বৰ্তমানলৈকে জিলাখনৰ মৰিগাঁও আৰু মায়ং ৰাজহ চক্ৰৰ দুটাত ১৫৪ খন ৰাজহ গাঁৱৰ ৮০৬০.৫১ হেক্টৰ কৃষি ভূমিৰ লগতে ৩১৮৫  জন লোক বানৰ কবলত পৰিছে। ইয়াৰ ভিতৰত মৰিগাঁও ৰাজহ চক্ৰত ৭১ খন ৰাজহ গাঁৱৰ ২২০৭.০১ হেক্টৰ কৃষি ভূমি বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে ৩১৮৫ জন লোক বানৰ কবলত পৰিছে।

একেদৰে মায়ং ৰাজহ চক্ৰৰ ৮৩ খন ৰাজহ গাঁৱৰ ৫৮৫৩.৫০ হেক্টৰ কৃষি বিস্তৰ ক্ষতি সাধন হৈছে। তদুপৰি জিলাখনত অহা ২৩ মে’ৰ পৰা অনুষ্ঠিত হবলগীয়া বিদ্যালয় সমূহৰ গুণোৎসক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ,ছাত্ৰী,অভিভাৱকৰ লগতে জিলা শিক্ষা বিভাগ। ইতিমধ্যে জিলাখনৰ বিদ্যালয় সমূহত গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ জিলা শিক্ষা বিভাগ সম্পুৰ্ণ সাজু হৈ পৰা সময়তে জিলা খনত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ বাবে গুণোৎসৱত কিছু কিছু বিদ্যালয় সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই বিৰাজ কৰিছে৷

 জানিব পৰা মতে জিলাখনৰ মায়ং,লাহৰীঘাট আৰু ভূৰবন্ধা শিক্ষা খণ্ডৰ ১১৪ খনকৈ বিদ্যালয় বান কবলত পৰিছে। ইয়াৰে মায়ং শিক্ষা খণ্ডত ৬২ খন,লাহৰীঘাট শিক্ষা খণ্ডত ৫১ আৰু ভূৰবন্ধা শিক্ষা খণ্ডত এখন বিদ্যালয় বান কবলত পৰা বুলি জনা গৈছে। বানৰ কবলত পৰা বিদ্যালয় সমূহত শিক্ষা বিভাগ বা জিলা প্ৰশাসনে কেনেদৰে গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ সক্ষম হব সেইয়া বৰ্তমান সময়ত সকলোকে চিন্তিত কৰি তুলিছে।

You May Also Like

More From Author