লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত গুণোৎসৱৰ প্ৰশিক্ষণ

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত গুণোৎসৱৰ প্ৰশিক্ষণ

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি গুণোৎসৱ-২০২২ (তৃতীয় অংশ) ৰ বহি: মূল্যাংকণৰ এক এদিনীয়া প্ৰশিক্ষণ অনুষ্টিত হৈ যায়। লখিমপুৰ জিলা সমগ্ৰ শিক্ষা মিছনৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ কাৰ্য্যসুচী  উদ্ধোধন কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমীত সাত্তাৱনে। লখিমপুৰ জিলাৰ উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱা আৰু লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাৰ উপস্তিতিত  উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ জিলা সৰ্বশিক্ষা অভিযানৰ জিলা আঁচনী বিষয়া নীভৰাণী শইকীয়াই।

 তেখেতৰ উদ্বোধনী ভাষণত উপায়ুক্ত সুমীত সাত্তাৱনে গুণোৎসৱ কৰ্য্যসুচীত সকলোকে অন্ত:কৰণে আৰু উপভোগ্য মনোভাৱেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। প্ৰশিক্ষণত লখিমপুৰ ডায়েটৰ প্ৰবক্তা ইন্দ্ৰজিৎ গাম, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ড° দূৰ্গেশ্বৰ হাজৰিকা আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ড° মৃদুল বুঢ়াগোহাঞী এ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত  লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়, লখিমপুৰ তেলহী কমলাবৰীয়া মহাবিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ মুঠ ১৬৯ গৰাকী শিক্ষকে প্ৰশিক্ষণ গ্ৰহণ কৰে।

GTM Desk