জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ি সত্ৰৰ ভূমি বেদখলৰ বহুদিনীয়া সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰু অসম সত্ৰ ভূমি বেদখল আৰু পুনৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ উদ্যোগত অৱশেষত গুৰুজনাৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ি সত্ৰৰ ভূমি বেদখলমুক্ত কৰিলে মৰিগাঁও জিলা প্ৰশাসনে । উল্লেখ যোগ্য যে,সত্ৰ ভূমি বেদখলমুক্ত আৰু পুনৰীক্ষণ আয়োগৰ নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলা প্ৰশাসনৰ হৈ লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা ১২ মেত তেওঁৰ সংশ্লিষ্ট কৰ্মচাৰীক লগত লৈ বেদখল হৈ থকা সত্ৰ খনৰ মুঠ ১৩ বিঘা ৭ লেচা মাটি বেদখলমুক্ত কৰি শ্ৰীশ্ৰীআলিপুখুৰী পাটেকীবড়ি সত্ৰ উন্নয়ন সমিতিক আনুষ্ঠানিক ভাৱে দখল চমজাই দিয়ে। যাৰ ফলত ৰাজনীতিৰ মেৰ-পেচত পৰি কিম্বা বিভাগীয় আমোলা-বিষয়াৰ উদাসীনতাৰ বাবে দীৰ্ঘদিন ধৰি সত্ৰখনৰ বাবে এক জটিল সমস্যা হৈ থকা বিষয়টো সমাধান হয় ।

আনহাতে বেদখল হৈ থকা সত্ৰৰ অধীনস্থ ভুমি অনুসৰি লাহৰীঘাট ৰাজহচক্ৰৰ অধীনত মৈৰাবাৰী কিচামতৰ ২৯৩ নং দাগৰ ৭ বিঘা ৪ কঠা ৯ লেচা,২৯৫ দাগৰ ২ বিঘা ২ কঠা ১৫ লেচা,৩১৫ নং দাগৰ ১বিঘা ৪ কঠা ১৩ লেচা আৰু দুৰাবন্ধী বিল কিচামতৰ ৬ নং দাগৰ ৩ কঠা ১০ লেচাকে ধৰি মুঠ ১৩ বিঘা ৭ লেচা মাটি জিলা প্ৰশাসনৰ হৈ লাহৰীঘাট চক্ৰ বিষয়াই বেদখল মুক্ত কৰি উক্ত বেদখল মুক্ত মাটি সত্ৰ উন্নয়ণ সমিতিৰ হাতত দখল চমজাবলৈ সক্ষম হয় বুলি সত্ৰ উন্নয়ন সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বৰা আৰু সম্পাদক সত্য নাৰায়ণ বৰাই জানিব দিয়ে ৷ তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰে সত্ৰখনৰ বেদখল হৈ থকা ভুমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে তাৎক্ষণিক পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীগৰাকীকে ধৰি সত্ৰৰ ভূমি বেদখলমুক্ত আৰু পুনৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক সত্ৰ উন্নয়ন সমিতিয়ে আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে মৰিগাঁও জিলাবাসীকে ধৰি ধিঙৰ সত্ৰৰ শুভাকাংক্ষী ৰাইজে প্ৰশংসা কৰিছে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও