মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক স্মৰণ গুৱাহাটী ABVPৰ

1 min read

গুৱাহাটী: সমগ্ৰ দেশজুৰি আজি মহামানৱ মহাত্মা গান্ধীৰ ওপজা দিন “গান্ধী জয়ন্তী” আৰু ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ওপজা দিনটো পালন কৰে বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে|গুৱাহাটীতো আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ তৰফৰ পৰা গান্ধী মন্দপত আয়োজন কৰা হয় “গান্ধী জয়ন্তী” উপলক্ষে বিশেষ অনুষ্ঠান|

কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ অনুষ্টুপীয়াকৈ আয়োজন কৰা উক্ত অনুষ্ঠানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

অনুষ্ঠানত গুৱাহাটী মহানগৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নগৰৰ সাংগঠনিক সম্পাদক কৰবী কাশ্যপ শৰ্মা,জিলা সংযোজক হৃষীকেশ ডেকা,ব্ৰহ্মপুত্ৰ নগৰৰ সম্পাদক অম্লান শৰ্মাৰ লগতে ছাত্ৰ সংগঠনটোৰ কেবাজনো সদস্য উপস্থিত থাকে|
বিয়লিৰ ভাগত ব্ৰহ্মপুত্ৰ নগৰৰ তৰফৰ পৰা ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ওপজা দিন পালন কৰা হয়|

উক্ত অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰাৰ লগতে তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজিৰ ওপৰত আলোচনা কৰা হয়|মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ আদৰ্শৰাজিক সমাজৰ প্ৰতিটো চূকে-কোণে সঞ্চাৰিত কৰিবলৈ সংকল্পবদ্ধ হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা|

You May Also Like

More From Author