মহানগৰীৰ একাংশ চিটীবাছত নাই ক’ভিড প্রট’কল

0 min read

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীত ক’ৰোনা মহামাৰীয়ে বিভীষিকা সৃষ্টি কৰিছে৷ ৰাজ্যৰ অন্যান্য জিলাৰ তুলনাত কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ৰ গণসংক্রমণে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনাত আক্রান্ত ৰোগীৰ লগতে মৃত্যুৰ সংখ্যা মহানগৰীত বৃদ্ধি পোৱাত জিলা প্রশাসন উদ্দিগ্ণ হৈ এটাৰ পাছত আনটো এছ অ’ পি জাৰি কৰি মহানগৰবাসীৰ সহযোগিতা কামনা কৰিছে৷ ক’ভিডৰ গণসংক্রমণ ৰোধৰ বাবে প্রশাসনে জাৰি কৰা এছ অ’ পি মানি চলাৰ লগতে প্রতিজন লোকক সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখাৰ উপৰি জনসমাগমৰ পৰা নিজকে আঁতৰাই ৰাখি ভয়ংকৰ বিপদৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্রতিগৰাকী ব্যক্তিক আহ্বান জনাইছে ৷

প্রশাসনৰ নির্দেশনা অনুসৰি মহানগৰীৰ অধিকাংশ লোকে ক’ভিড প্রট’কল মানি চলিছে যদিও একাংশই প্রশাসনৰ নির্দেশনা উলংঘা কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ প্রশাসনৰ নির্দেশনা অনুসৰি মহানগৰীৰ ৰাজপথত চলাচল কৰা চিটীবাছ তথা অন্যান্য যাত্রীবাহী বাহনত ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ উপৰি প্রতিগৰাকীয়ে মাস্ক পৰিধান কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰা বাধ্যতামূলক৷ কিন্তু মহানগৰীত চলাচল কৰা একাংশ চিটীবাছৰ চালক আৰু কর্মচাৰীয়ে প্রশাসনৰ ক’ভিড প্রট’কল উলংঘাৰে যাত্রী কঢ়িয়াই ভয়ংকৰ বিপদ মাতিছে ৷

বিশেষকৈ হাতীগাঁৱৰ পৰা চানমাৰি হৈ জালুকবাৰীলৈ চলাচল কৰা একাংশ চিটীবাছত ক’ভিড প্রট’কল উলংঘা কৰি এশ শতাংশ যাত্রী কঢ়িওৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে চিটীবাছত চলাচল কৰা প্রায়বোৰ যাত্রীয়ে মাস্ক পৰিধান কৰিছে যদিও সামাজিক দূৰত্ব মুঠেও মানি চলা নাই যাত্রীয়ে৷ ইয়াৰ পাছতো জিলা প্রশাসন তথা যান–বাহন আৰক্ষীয়ে ক’ভিড প্রট’কল উলংঘাকাৰী চিটীবাছৰ চালক–কর্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে হাতীগাঁৱৰ সিজুবাৰীকে ধৰি কেইবাটাও অঞ্চল ক’ৰোনাৰ হটস্পট বুলি ইতিমধ্যে প্রশাসনে ঘোষণা কৰিছে৷ সেয়েহে জিলা পৰিবহণক এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে ৷

You May Also Like

More From Author