23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

গুৱাহাটীৰ বহু পুৰণি বিল্ডিং ভাঙি পেলোৱাৰ চিন্তা-চৰ্চা

Assamese Newsগুৱাহাটীৰ বহু পুৰণি বিল্ডিং ভাঙি পেলোৱাৰ চিন্তা-চৰ্চা

তুৰস্কৰ ভয়ংকৰ ভূমিকম্পৰ পাছতেই অসমত শেহতীয়াকৈ সঘন ভূমিকম্পৰ হোৱাত চিন্তিত হৈ পৰিছে বিশেষজ্ঞৰ লগতে সচেতন লোকসকল৷ বিশেষকৈ চলিত সপ্তাহটোত কেইবাটাও ভূমিকম্পৰ উৎপত্তিৰ স্থল আছিল নগাঁও আৰু হোজাই৷ বৃহস্পতিবাৰে চুবুৰীয়া মেঘালয়ত হোৱা ভূমিকম্পই নামনি অসমৰ বিভিন্ন স্থানত কঁপনিৰ সৃষ্টি কৰে৷ ইফালে অসমত হোৱা সঘন ভূমিকম্পৰ বাবে সাধাৰণ লোকসকলেই যে চিন্তিত হৈছে তেনে নহয়, ৰাজ্য চৰকাৰকো এতিয়া যেন শংকিত কৰি তুলিছে৷ যাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে গুৱাহাটীৰ একাংশ বিপজ্জনক অট্টালিকা চিনাক্ত কৰিছে৷ ভূমিকম্পৰ দৰে  প্ৰাকৃতিক দুৰ্যোগত ক্ষন্তেকতে ধবংসস্তূপত পৰিণত হ’ব পৰা গুৱাহাটীৰ পুৰণিকলীয়া একাংশ অট্টালিকা তথা বাসগৃহ ভাঙি পেলোৱাৰ চিন্তা-চৰ্চা কৰাৰ কথা জানিবলৈ দিছে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ বৃহস্পতিবাৰে এটা চৰকাৰী অনুষ্ঠানত অংশ লৈ বিভাগীয় মন্ত্ৰীজনে ভূমিকম্পই বিপদ আনিব পৰা গুৱাহাটী মহানগৰীৰ বহু অট্টালিকা ইতিমধ্যে বিভাগে জৰীপ চলাই চিনাক্ত কৰা বুলি জানিবলৈ দিছে৷ গুৱাহাটী ছিছমিক জ’ন-৫ত অন্তৰ্ভুক্ত হোৱাৰ বাবে সতৰ্কতা স্বৰূপে এই চিন্তা-চৰ্চা কৰা বুলি বিভাগীয়ভাৱে কোৱা হৈছে৷ বিভাগীয় সূত্ৰই সদৰী কৰা মতে দুৰ্বল আন্তঃগাঁথনি তথা পুৰণিকলীয়া এই বিল্ডিংসমূহৰ ভিতৰত ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচিবজাৰৰ একাধিক অট্টালিকা আছে৷ তদুপৰি গণেশগুৰি, উলুবাৰী, পাণবজাৰ, উজানবজাৰ আৰু কাহিলিপাৰাৰ একাধিক বিল্ডিং বিপদসংকুল হিচাপে চিনাক্ত কৰিছে বিভাগীয় কৰ্তৃপক্ষই৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে হোৱা এটা প্ৰাবল্যৰ ভূমিকম্পত গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ বাসগৃহত ফাট মেলা পৰিলক্ষিত হৈছিল৷ সেই সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিশেষজ্ঞই একাধিক বিল্ডিং চিনাক্ত কৰি ভাঙি পেলোৱাৰ পৰামৰ্শ দিছিল বুলিও জানিব পৰা গৈছিল৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই তেনে বিল্ডিংসমূহৰ কোনো ব্যৱস্থা লোৱা দেখা নগ’ল৷ শেহতীয়াকৈ তুৰস্কৰ ভূমিকম্পৰ পাছতেই বিশেষজ্ঞসকলে ভাৰততো উচ্ছ প্ৰাবল্যৰ ভূমিকম্পৰ আশংকা ব্যক্ত কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞই সদৰী কৰা মতে দেশৰ ৫৯ শতাংশ অঞ্চলেই ভূমিকম্পপ্ৰৱণ৷ তদুপৰি অসমৰ চাৰিটা স্থানক ভূমিকম্পৰ হটস্পট হিচাপে চিনাক্ত কৰিছে বিশেষজ্ঞই৷ সেই অনুসৰি গুৱাহাটী, যোৰহাট, তেজপুৰ আৰু শদিয়াক ভূমিকম্পৰ হটস্পটত তালিকাভূক্ত কৰি অসম চৰকাৰক সকীয়াই দিছে৷ স্বাভাৱিকতেই এতিয়া বিভাগীয় মন্ত্ৰী যোগেন মহনে ভূমিকম্পৰ আশংকাতে গুৱাহাটীৰ বহু পুৰণি বিল্ডিং ভাঙি পেলোৱাৰ চৰকাৰে চিন্তা-চৰ্চা চলোৱা বুলি কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!