গুৱাহাটী ক্লাবৰ ফ্লাই অভাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ আৰক্ষীৰ

গুৱাহাটী ক্লাবৰ ফ্লাই অভাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ আৰক্ষীৰ

আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। গুৱাহাটী ক্লাব আৰু নেহৰু ষ্টেডিয়াম ৰোড সংযোগী ফ্লাই অভাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে উত্থাপিত হৈছে বহু প্ৰশ্নৰ।

খবৰ অনুসৰি যোৱা নিশা যুৱকজনৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত উৰণীয়া সেতুখনৰ ফুটপাথত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। ইফালে যুৱকজনৰ পৰিচয় লুটফোৰ ৰহমান বুলি আৰক্ষীয়ে জানিবলৈ দি তেওঁক অসমৰ গোৱালপাৰাৰ বাসিন্দা বুলি চিনাক্ত কৰে।

আৰক্ষীয়ে জনোৱা মতে, কিছুদিনৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে লুটফোৰ ৰহমান। কোনোবাই হত্যা কৰি মৃতদেহটো ফ্লাই অভাৰত পেলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

প্ৰাৰম্ভিক তদন্তত মৃতকৰ মৃতদেহত আক্ৰমণ আৰু আঘাতৰ চিন দেখা গৈছে। যাৰবাবে লোকজনক কোনো লোকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে গোচৰটো গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পিছতে অধিক তথ্য পোহৰলৈ আহিব।

GTM Desk

Related