26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

নুনমাটিৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত!

Assamese Newsনুনমাটিৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত!

দেশ কপাই যোৱা মহানগৰীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত মাৰাথন গতিত অব্যাহত আছে । মেঘালয়ৰ বিভিন্ন স্থানৰ দুৰ্গম অঞ্চলৰ পৰা শংকৰী দে’ৰ মৃতদেহ আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহ।

আজি পুৱাই তিনি অভিযুক্ত বন্দনা কলিতা, অৰূপ দাস, ধনটি ডেকাক লগত লৈ মেঘালয়লৈ ৰাওনা হয় মহানগৰ আৰক্ষীৰ বিশেষ তদন্তকাৰী দল।

উল্লেখ্য যে, সম্পত্তিৰ বাবেই বন্দনা কলিতা দে নামৰ মহিলাগৰাকীয়ে স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা- টুকুৰ কৰি মেঘালয়ৰ ডাউকী সহ বিভিন্ন স্থানত পেলাই দিছিল।

স্মতৰ্ৱ্য যে বন্দনা কলিতাই পৰকীয়া প্ৰেমিক ধনটি ডেকা আৰু তেওঁৰ বন্ধু অৰূপ দাসৰ সৈতে মিলিত হৈ সংঘটিত কৰিছিল এই বৰ্বৰ হত্যাকাণ্ড।

ঘটনা সংঘটিত কৰি শাহু আৰু স্বামী নিৰুদ্দেশ হোৱা বুলি এক এজাহাৰ দাখিল কৰিছিল নুনমাটি থানাত ৷ কিন্তু অৱেশেষত নিজেই পতা জালত বন্দী হ’ল বন্দনা কলিতা।

মহানগৰ আৰক্ষীয়ে অতি তৎপৰতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি দেওবাৰেও গ্ৰেপ্তাৰ কৰে বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ দাসক।

সোমবাৰে তিনিও অভিযুক্তক লগত লৈ আৰক্ষীয়ে মেঘালয়ৰ চেৰাপুঞ্জীৰ অভিযান চলাই উদ্ধাৰ কৰিছিল বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহৰ অৱশিষ্ট অংশবিশেষ। কিন্তু উদ্ধাৰ হোৱা নাই বন্দনাৰ স্বামী অমৰজ্যোতিৰ মৃতদেহ।

এনে প্ৰেক্ষাপটত মঙলবাৰে পুৱাই পুনৰ অভিযান চলাবলৈ মেঘালয়লৈ ৰাওনা হৈছে আৰক্ষীৰ দল। মনকৰিবলগীয়া যে,সোমবাৰে তিনি অভিযুক্তক কামৰূপ ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই সাতদিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে।

উল্লেখযোগ্য যে দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰি বৰ্তমান আৰক্ষীৰ জিন্মাত থকা বন্দনাৰ হোৱা নাই অনুশোচনাৰ ভাৱ।
চেৰাপুঞ্জীত শাহুৱেক শংকৰী দে’ৰ মুণ্ডহীন অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বন্দনাই আৰক্ষীৰ আগত সবিস্তাৰে বৰ্ণনা কৰিছিল বৰ্বৰ হত্যাকাণ্ডৰ সমস্ত পৰিকল্পনা ৷

মহানগৰ আৰক্ষীয়ে আজি মেঘালয়ৰ অভিযানত হয়তো উদ্ধাৰ হ’ব পাৰে বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট অংশ বিশেষ ।

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত এই অতি নৃশংস লোমহৰ্ষক নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ । সচেতন মহলে দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰিছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!