গুৱাহাটীৰ বান পৰিস্থিতি অপৰিৱৰ্তিত

1 min read

ধাৰাসাৰ বৰষুণৰ বাবে ৰাজ্যত নতুনকৈ ঠাইবিশেষে পুনৰ বানৰ সন্ত্ৰাস আৰম্ভ হৈছে৷ ইফালে গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰিস্থিতি দ্বিতীয় দিনৰ বাবেও অপৰিৱৰ্তিত থাকে৷ উল্লেখযোগ্য যে যোৱা দুদিনধৰি ৰাজ্যত মুষলধাৰে বৰষুণ  অব্যাহত থকাৰ বাবে মধ্য অসমত পুনৰ বানৰ বিভীষিকা আৰম্ভ হৈছে৷

ডিমা হাছাও জিলাত পুনৰ ভয়ংকৰ বান আৰু গৰাখহনীয়া আৰম্ভ হৈছে৷ বান আৰু গৰাখহনীয়াৰ বাবে একাধিক স্থান পুনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ ইফালে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধত পানী বৃদ্ধি পোৱাত আজি বান্ধৰ পানী এৰি দিয়া হৈছে৷ ফলত নগাঁও জিলাৰ বিভিন্ন স্থানত পুনৰ বান অহাৰ আশংকাই দেখা দিছে৷

বান অহাৰ সম্ভাৱনা থকা স্থানবোৰত প্ৰশাসনে গাঁওবুঢ়াৰ জৰিয়তে মাইকযোগে জনতাক সাৱধান কৰি দিয়াৰ চেষ্টা কৰিছে৷ ধাৰাসাৰ বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ প্ৰায় সকলো নৈ-উপনৈৰ জলস্তৰ পুনৰ বৃদ্ধি পাইছে৷ কেইবাখনো জিলাত বিভিন্ন নৈৰ জলস্তৰ বিপদসীমা স্পৰ্শ কৰাৰ দিশে গতি কৰিছে৷

লক্ষণীয়ভাৱে ৰাজ্যৰ যিকেইখন জিলাত বান পৰিস্থিতিৰ অৱনতি ঘটিছে, সেই জিলাকেইখনত কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে জিলা প্ৰশাসনে শিক্ষা বিভাগক পৰামৰ্শ দিছে৷ ইফালে দ্বিতীয় দিনৰ বাবেও মহানগৰবাসী কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে৷ আজি মহানগৰীৰ বিভিন্ন স্থানত পানী হ্ৰাস পাইছে যদিও বহু স্থানত এতিয়াও কৃত্ৰিম বান অব্যাহত আছে৷ হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা, অনিল নগৰ, নবীন নগৰ, চানমাৰি আদি বহু স্থানত আজিও নাগৰিক জলবন্দী হৈ আছে৷

আনকি যোৱানিশাৰ পৰা জিলা প্ৰশাসনে গুৱাহাটীত কৃত্ৰিম বান আৰু ভূমি…লনৰ বাবে তিনিটাকৈ আশ্ৰয় শিবিৰ আৰম্ভ কৰিবলগীয়া পৰিস্থিতিও হৈছে৷ প্ৰশাসনে ইতিমধ্যে ভঙাগড়ৰ ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী বিদ্যালয়, বোন্দাৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয় আৰু চানমাৰিৰ বৈদিক স্কুলত আশ্ৰয় শিবিৰ স্থাপন কৰি ছয় শতাধিক বন্যাৰ্তক আশ্ৰয় দিছে৷ ইয়াৰ উপৰি অনিল নগৰ আৰু নবীন নগৰৰ জলবন্দী নাগৰিকক কালিৰ পৰা প্ৰশাসনে খোৱাপানী আৰু খাদ্যৰ যোগান ধৰিছে৷

নিশা ট্ৰেক্টৰ আৰু জে চি বি লৈয়ো প্ৰশাসনে খাদ্য আৰু পানী জলবন্দী নাগৰিকক যোগান ধৰে৷ ইফালে আজিও হাতীগাঁও পথত কৃত্ৰিম বানৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ইফালে ধাৰাসাৰ বৰষুণৰ বাবে কৃত্ৰিম বানতকৈ আজি ভূমি…লনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷

আজিও মহানগৰীৰ বহুকেইটা স্থানত ভয়ংকৰভাৱে ভূমি…লন হয়৷ ভূমি…লনৰ বাবে একাধিক লোক কথমপিহে প্ৰাণৰক্ষা পৰে৷ প্ৰাপ্ত তথ্য অনুসৰি আজি গুৱাহাটীৰ কাহিলিপাৰাৰ টিভি টাৱাৰৰ ওচৰৰ ৰাজীৱ নগৰ, হেঙেৰাবাৰীৰ নৱ নগৰ, গীতানগৰৰ ভগদত্ত পথ, নাৰেংগীৰ ২নং কেন্দুগুৰি, গান্ধী মণ্ডপ, কৰ্ণাচল পাহাৰ, চানমাৰি আদি বিভিন্ন স্থানত ভূমি…লন হয়৷

আনহাতে কৃত্ৰিম বান আৰু ভূমি…লনৰ বাবে আজি দ্বিতীয় দিনৰ বাবেও বিদ্যুৎ বিভাগে মহানগৰীৰ বিভিন্ন স্থানত বিদ্যুৎ সংযোগ কৰ্তন কৰে৷ ইফালে মহানগৰীৰ কৃত্ৰিম বানৰ বাবে যি আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে বা হ’ব সকলোতে জনতাই ২৪ ঘণ্টাই জৰুৰীভাৱে চিকিৎসা সেৱা পাব পৰাকৈ স্বাস্থ্য বিভাগৰ দল নিয়োগ কৰিবলৈ আজি স্বাস্থ্য বিভাগৰ প্ৰধান সচিবলৈ নিৰ্দেশনা দিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷

এই নিৰ্দেশনাৰ পাছতে জিলাখনৰ সকলো মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্ত্বাৱধায়কক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে৷ আনহাতে প্ৰশাসনে কৃত্ৰিম বানত আবদ্ধ লোকসকলক সহায় কৰিবৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই প্ৰকাশ কৰে৷

প্ৰাশাসনে কালি মুকলি কৰা হেল্প লাইন নম্বৰত জনসাধাৰণে সঁহাৰি দিয়া বুলিও তেওঁ সদৰী কৰে৷ প্ৰশাসনে যিমান পাৰে জনসাধাৰণৰ চলাচল হ্ৰাস কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰা বুলিও তেওঁ সদৰী কৰে৷ আনহাতে মহানগৰীৰ কৃত্ৰিম বানক লৈ নিজ দলৰে চৰকাৰক সমালোচনা কৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷

সময়োচিতভাৱে ব্যৱস্থা নোলোৱাৰ বাবেই মহানগৰীৰ কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি তেওঁ সদৰী কৰে৷ আনহাতে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে সুপৰিকল্পনা আৰু সময়োচিত পদক্ষেপ লাগিব বুলিও তেওঁ কয়৷ লক্ষণীয়ভাৱে বৰষুণ বেছি হোৱাৰ বাবেই কৃত্ৰিম বান হোৱা বুলি দায়সৰা মন্তব্য দিয়ে জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়াই৷ বৰষুণ কমিলেই সমস্যা কিছু সমাধান কৰিব পাৰিব বুলি তেওঁ দাবী কৰে৷

You May Also Like

More From Author