গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ৮প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, ৩প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ৮প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, ৩প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ৮গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছে নিজৰ মনোনয়ন পত্ৰ।মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সোমবাৰে আছিল অন্তিম দিন।
মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থীসকল হৈছে ৫নং ৱাৰ্ডৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী,ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন। ৬নং আৰু ৭নং ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী,  ১১নং আৰু ১২নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী আৰু ২২নং  ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন।ইফালে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ পাছত ৫নম্বৰ ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ সঞ্জয় দাস, ৬নম্বৰ ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ সুতাপা সৰকাৰ আৰু ২২নম্বৰ ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ স্মিতা ৰয় বিনা প্ৰতিদন্দ্বিতাৰে জয়ী হৈছে।
আনহাতে অহা ২২এপ্ৰিলত মুঠ ১৯৭গৰাকী প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হ’ব নিৰ্বাচন।

GTM Desk