গুৱাহাটী – লখিমপুৰৰ মাজত বিমান সেৱা আৰম্ভ ; চাৰিদিনকৈ চলিব বিমান

0 min read

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে । ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২ খন আসনযুক্ত বিমান গুৱাহাটীৰ পৰা লীলাবাৰীলৈ সপ্তাহত চাৰিদিনকৈ চলাচল কৰিব । আজি বিয়লি ৪.৪০ বজাত বৰঝাৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিমানখনত আন আন যাত্ৰীৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু , লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা , উত্তৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা , অৰুণাচল প্ৰদেশৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী টাকী টেগো যাত্ৰীৰ ৰূপত লীলাবাৰীলৈ যাত্ৰা কৰে ।

আনহাতে এই উপলক্ষে বৰঝাৰ বিমানবন্দৰত আয়োজিত চমু অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা , ফ্লাইবিগৰ পৰিচালন সঞ্চালক কেপ্তেইন সঞ্জয় মাণ্ডাডিয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে সপ্তাহৰ চাৰিদিন ক্ৰমে – মঙল , বৃহস্পতিবাৰ , শনিবাৰ আৰু দেওবাৰে গুৱাহাটী আৰু লীলাবাৰীৰ মাজত চলাচল আৰম্ভ হোৱা ৭২ খন আসনযুক্ত বিমানখন চাৰিওদিনতে গুৱাহাটীৰ পৰা বিয়লি ৪.৪০ বজাত যাত্ৰা কৰিব । সন্ধিয়া ৫.২৫ বজাত গৈ বিমানখন লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰিব । তেনেদৰে সেই চাৰিদিন বিমানখন সন্ধিয়া ৫.৫০ বজাত লীলাবাৰী বিমানবন্দৰৰ পৰা উৰা মাৰি ৬.৪০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব ।

উল্লেখযোগ্য যে গুৱাহাটী – লীলাবাৰীৰ মাজত পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত উত্তৰ অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চল উপকৃত হব ।

You May Also Like

More From Author